নলবাৰীত মাতৃ-পুত্ৰক অপহৰণ…

নলবাৰীত মাতৃ-পুত্ৰক অপহৰণ…

ডিজিটেল সংবাদ, মইনবড়িঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়াতপুৰ গাঁৱৰ এগৰাকী দুই সন্তানৰ মাতৃ আৰু পুত্ৰক নলবাৰীৰ পৰা অপহৰণ কৰা বুলি অভিযোগ পোৱা গৈছে।

জানিব পৰা মতে, চৰিয়াতপুৰ গাঁৱৰ ইন্নচ আলীৰ পুত্ৰৰ লগত ৭ বছৰ পূৰ্বে পালহাজি গাঁৱৰ সোমেজ আলীৰ কন্যা শ্বমেলা খাতুনৰ বিয়া হয়। তেওঁলোকৰ দুটি পুত্ৰ সন্তানো আছে। শ্বমেলা খাতুন বিয়াৰ পিছৰ পৰাই চৰিয়াতপুৰৰ স্বামী গৃহত থাকিছিল। স্বামী পেছাত ৰাজমিস্ত্ৰী আৰু কৰ্মসূত্ৰে নলবাৰী জিলাৰ পল্লা ৰোডৰ অভিজিত চক্ৰৱৰ্তী মালিকাধিন ভাড়া ঘৰত থাকে।

যোৱা ৯ জুলাইত উক্ত ভাড়া ঘৰলৈ যোৱাৰ সময়ত তিনি বছৰীয়া পুত্ৰ ৰাহুল আমিন সহ শ্বমেলা খাতুন অপহৃত হোৱা বুলি স্বামীয়ে সদৰী কৰি উক্ত অপহৰণ কাণ্ডৰ লগত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়াতপুৰ গাঁৱৰ কাশেম খানৰ পুত্ৰ ইকবাল খান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নলবাৰী সদৰ থানাত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰথমতে নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰা হৈছিল যদিও পিছত বৰ পুত্ৰ শহানুৰ আলম (৭)ৰ বিৱৰণী মতে গোচৰ তৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in