নলবাৰীত মানৱ শৃংখলেৰে আন্দোলনৰত কৃষকৰ প্ৰতি সমৰ্থন…

নলবাৰীত মানৱ শৃংখলেৰে আন্দোলনৰত কৃষকৰ প্ৰতি সমৰ্থন…

ডিজিটেল সংবাদ, নলবাৰীঃ কৃষক বিৰোধী তিনিখন ক'লা আইন বাতিল কৰাৰ দাবীত দিল্লীত যি দুর্বাৰ কৃষক আন্দোলন গঢ়ি উঠিছে তাৰ প্রতি সংহতি জনাই আজি সন্ধিয়া নলবাৰী থানা চ'কত মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ কুমাৰ জৈনে আঁত ধৰা এই সংগ্ৰামী কাৰ্যসূচীত আৰম্ভণিতে ছহিদ গজ্জন সিঙৰ স্মৃতিত শোক প্ৰকাশ কৰা হয়।

প্ৰতিবাদী ৰাইজে কৃষক বিৰোধী আইন বাতিল কৰক,আন্দোলনত পুলিচী অত্যাচাৰ বন্ধ কৰক, কৃষকৰ উৎপাদিত ফচলৰ ন্যাৰ্য্য মূল্য প্রদান কৰক, কৃষকসকলৰ বকেয়া ঋণ মাফ কৰক আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

অল ইণ্ডিয়া ডি এছ অ'ৰ ৰাজ্যিক সভাপতি কমৰেড প্ৰোজ্জ্বল দেৱে প্রতিবাদী কার্যসূচীত উপস্থিত থাকি পুঁজিপতি শ্রেণীৰ স্বার্থত যি নতুন কৃষি আইন অনা হৈছে তাৰ ফলত দেশী-বিদেশী কর্প'ৰেটসকলৰ ৰমৰমীয়া ব্যবসায় গঢ়ি উঠিব বুলি উল্লেখ কৰে।

তেওঁ আন্দোলনৰত কৃষকসকলৰ প্ৰতি সংগ্রামী অভিনন্দন জনায় আৰু এই আন্দোলনৰ সমৰ্থনত আগবাঢ়ি অহাৰ বাবে ৰাইজলৈ আহ্বান জনায়। কাৰ্যসূচীত সংগীত শিল্পী দ্বিজেন দত্ত, কবি শান্তনু শৰ্মা, সমাজকৰ্মী জ্ঞানেন চক্ৰৱৰ্তী প্ৰমুখ্যে কেইবাজনো লোকে প্ৰতিবাদী ভাষণ দি আন্দোলনৰত কৃষকসকলৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in