নলবাৰীত অসম জাতীয় পৰিষদত যোগদান অগপ-সংগ্ৰামী মঞ্চৰ আঢ়ৈশ নেতা-কৰ্মীৰ…

নলবাৰীত অসম জাতীয় পৰিষদত যোগদান অগপ-সংগ্ৰামী মঞ্চৰ আঢ়ৈশ নেতা-কৰ্মীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত অসম জাতীয় পৰিষদে(অজাপ) নলবাৰীতো ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। আজি নলবাৰীৰ প্ৰায় দুশগৰাকী অগপ নেতা কৰ্মীয়ে দলটোৰ পৰা পদত্যাগ কৰি আনুষ্ঠানিকভাবে অজাপত যোগদান কৰে।

নলবাৰী চহৰৰ হাজো পথত থকা পেন্সনাৰ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অগপ নেতা-কৰ্মীসকলৰ লগতে অসম সংগ্ৰামী মঞ্চৰ ৫১ গৰাকী সদস্য আৰু সদৌ নলবাৰী জিলা অন্যান্য পিচপৰা যুৱ ছাত্র সন্মিলনৰ সভাপতি ভৈৰৱ তালুকদাৰেও অজাপত যোগদান কৰে।

বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অগপ নেতা নগেন ডেকা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীপক ডেকা, অগপৰ দতৰা আঞ্চলিক সমিতিৰ সভাপতি কমলেশ্বৰ ভূঞা, আঠ নং উত্তৰ বাঁহজানী আঞ্চলিকৰ উপ সভাপতি কাদেৰ আলী,জিলা প্ৰতিনিধি অশোক দাস,ভূপেন ডেকা, জিতেন ডেকা, আঞ্চলিক মহিলা পৰিষদৰ সভানেত্ৰী ইৰা ডেকা, তিনি নং খাতা আঞ্চলিক অগপৰ গিৰীন শৰ্মা, নলবাৰী নগৰ সমিতিৰ সভাপতি কমলাকান্ত শীল আৰু চাৰি নং খাতা আঞ্চলিকৰ সম্পাদক দিলীপ দাসৰ নেতৃত্বত অগপৰ এই নেতা কৰ্মীসকলে নৱ গঠিত অজাপত যোগদান কৰে।

সেইদৰে অসম সংগ্ৰামী মঞ্চৰ নেকিবুৰ জামানৰ নেতৃত্বত সংগঠনটোৰ সদস্যসকলে অজাপত যোগদান কৰে। যোগদন কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক তথা প্ৰাক্তন ছাত্র নেতা অমল ডেকাই কয় যে অগপই অসমৰ ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। ফলত দলটোৰ গণভিত্তি নোহোৱা হৈছে। অজাপই অগপৰ বিকল্প এক শক্তিশালী আঞ্চলিক দল হিচাপে ৰাইজৰ মাজলৈ যাব বুলিও তেওঁ কয়।

অজাপ আপোচহীন জাতীয় সত্তা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে জাতীয় সমস্যাৰ সমাধান, ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰ, ছাত্ৰ যুৱকৰ সুৰক্ষিত ভবিষ্যত আৰু মহিলা সৱলীকৰণৰ বাবে নতুন দলটোৱে প্ৰচেষ্টা চলাব। অজাপৰ কেন্দ্ৰীয় আহ্বায়কগৰাকীয়ে অমিত শ্বাহৰ শ্ৰুতলিপিত চলা অগপ দল ত্যাগ কৰিবলৈ দলটোৰ নেতা কৰ্মীসকলক আহ্বান জনায়। অজাপত যোগদান কৰা নগেন ডেকাই অগপ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আঞ্চলিক চৰিত্ৰ বিসৰ্জন দি ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতাৰ নামত দলটোকে বিক্ৰী কৰি দিছে।

কেৱল ভোট দিয়াৰ বাবেই বিজেপিৰ মিত্ৰজোঁট থকাৰ পক্ষপাতী নহয় বাবেই আজি অগপ ত্যাগ কৰি অজাপত যোগদান কৰা বুলি উল্লেখ কৰে নগেন ডেকাই। অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰি অজাপত যোগদান কৰা দীপক ডেকায়ো কয় যে অতুল বৰা এণ্ড কোম্পানীয়ে অগপক বিজেপিৰ ওচৰত বিক্ৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in