নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ… VIDEO

নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ… VIDEO

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ বুধবাৰে সন্ধিয়া ৬ বজাত নলবাৰী চহৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চ, অসম, নলবাৰী জিলা সমিতিৰ উদ্যোগত জে এন ইউৰ ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম আৰু অসমৰ বামপন্থী বুদ্ধিজীৱীৰ পুত্তলিকা দাহ কৰা হয়। হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি কমল কৃষ্ণ দাসে বিতৰ্কিত মন্তব্যৰ বাবে শ্বাৰ্জিল ইমাম আৰু হীৰেণ গোহাঁইৰ উপযুক্ত শাস্তিৰ দাবী তোলে।

উক্ত কাৰ্যসূচীত হিন্দু জাগৰণ মঞ্চৰ উপ-সভাপতি অমল দাস, সাধাৰণ সম্পাদক ভক্ত ছেত্ৰীৰ লগতে সম্পাদক সঞ্জীৱ কুমাৰ দাস, জিতুমণি চক্ৰৱৰ্ত্তী কোষাধ্যক্ষ নৱ শৰ্মাৰ লগতে হিন্দু জাগৰণ মঞ্চৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in