নলবাৰীৰ উপায়ুক্তক কেন্দ্ৰীয় সভাপতিৰ স্মাৰকপত্ৰ, গৰিয়া-মৰিয়াক এন আৰ চিত বিশেষ সুবিধা প্ৰদানৰ দাবী

নলবাৰীৰ উপায়ুক্তক কেন্দ্ৰীয় সভাপতিৰ স্মাৰকপত্ৰ, গৰিয়া-মৰিয়াক এন আৰ চিত বিশেষ সুবিধা প্ৰদানৰ দাবী

ডিজিটেল সংবাদ, নলবাৰীঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাবৱধানত সম্প্রতি শেষ পর্যায়লৈ অহা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম শুদ্ধভাবে প্রস্তুত কৰা সন্দর্ভত বৃহস্পতিবাৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৰাজ্যজুৰি জিলা উপায়ুক্তসকলক সাক্ষাৎ কৰাৰ এক কার্যসূচী গ্রহণ কৰে। এই কার্যসূচী অনুসৰি নলবাৰী জিলাত গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰিয়াজুল হক, সাধাৰণ সম্পাদক আফতাব আলী, কার্যকৰী সভাপতি মিৰাজুল হক তথা জিলাৰ সহকাৰী সাধাৰণ সম্পাদক জুৱেল আখতাৰৰ সহযোগত পৰিষদৰ কেন্দ্রীয় সভাপতি হাফিজুল আহমেদে নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন শুদ্ধ আৰু নিকা নাগৰিকপঞ্জী প্রস্তুত কৰাৰ ক্ষেত্রত যথাবিহিত ব্যৱস্থা গ্রহণৰ সমান্তৰালকৈ অসমৰ ভূমিপুত্র গৰিয়া, মৰিয়া আৰু দেশীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্রহণৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ এন. আৰ. চিৰ মুখ্য সমন্বয়ক প্রতীক হাজেলালৈ এক স্মাৰক পত্র প্রদান কৰে।

কেন্দ্রীয় সভাপতি গৰাকীয়ে কয় যে 'নাগৰিকপঞ্জীত যেনেদৰে এজনো বিদেশীৰ নাম সন্নিবিষ্ট হোৱাটো কোনো কাৰণত মানি লোৱা নহয়, তেনেদৰে গৰিয়া, মৰিয়া আৰু দেশীসকলৰ ক্ষেত্রত ভূমিপুত্র হিচাবে বিশেষ ব্যৱস্থা লোৱাটো আমি কামনা কৰিছো।' উল্লেখ্য যে, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰাই অসমৰ গৰিয়া, মৰিয়া আৰু দেশীসকল মূলতঃ ধর্মান্তৰিত লোক৷ সেই সূত্রে অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠী সমূহে যেনেদৰে বিশেষ সুবিধা লাভ কৰিছে, তেনেদৰে গৰিয়া, মৰিয়া আৰু দেশী সকলেও ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ সন্দর্ভত বিশেষ সুবিধা পাব লাগিব বুলি পৰিষদৰ কেন্দ্রীয় সভাপতি গৰাকীয়ে দাবী জনায়।

তেওঁ লগতে কয় যে, অসমৰ গৰিয়া, মৰিয়া আৰু দেশী সকল গ্রামাঞ্চলত স্বগোষ্ঠীয় লোকৰ সৈতে একেলগে বসবাস কৰা হেতুকে তেওঁলোকৰ চিনাক্তকৰণৰ ক্ষেত্রত কোনো ধৰণৰ অসুবিধা নহয়। গতিকে সংশ্লিষ্ট বিভাগক এই লোকসকলক গাওঁবুঢ়া অথবা ভিন্ন ধর্মীয় (অমুছলমান খিলঞ্জীয়া) সামাজিক অনুষ্ঠানৰ জৰিয়তে চিনাক্ত কৰাটো সম্ভব হ'ব পাৰে। এই সন্দর্ভত পৰিষদে সকলো প্রকাৰৰ সহযোগিতা আগবঢ়াই এখন বিদেশীমুক্ত তথা শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in