নলবাৰীত এবছৰ নৌহওঁতেই জহিখহি গ’ল গড়কাপ্তানি পথ…

নলবাৰীত এবছৰ নৌহওঁতেই জহিখহি গ’ল গড়কাপ্তানি পথ…

ডিজিটেল সংবাদ, নলবাৰীঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনতে বিভাগে বিভাগে সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। নলবাৰীৰ ৰাজ্যিক পথ সংমণ্ডলত ঘটা এনে দুৰ্নীতিয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে।

প্ৰায় ৫০ লাখ টকাৰে নলবাৰী চহৰৰ বৰকুৰাৰ পৰা জিলা উদ্যোগ-বাণিজ্য কেন্দ্ৰৰ চ'কলৈ প্ৰায় ১.৫ কিলোমিটাৰ পথ মেৰামতি কৰা হৈছিল এবছৰ পূৰ্বে। কিন্তু মেৰামতিৰ এবছৰ নৌহওঁতেই জৰাজীৰ্ণ ৰূপ লয় পথটোৱে। আৱন্টিত ধনৰ সিংহভাগ গড়কাপ্তানী বিভাগৰ সংশ্লিষ্ট বিষয়া ঠিকাদাৰে আত্মসাৎ কৰি পালমৰা ধৰণে কাম কৰাৰ ফলতেই সমগ্ৰ পথছোৱাৰ অৱস্থা ছমাহতে শোচনীয় হৈ পৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উল্লেখযোগ্য যে উক্ত পথটোৰ মেৰামতিৰ দায়িত্বত আছিল স্থানীয় বিধায়ক অশোক শৰ্মাৰ ঘনিষ্ঠ বৈশ্য উপাধিৰ এজন ঠিকাদাৰ। বিধায়কৰ অতি ঘনিষ্ঠ আৰু আশিসধন্য হোৱা বাবেই ঠিকাদাৰে পালমৰা কাম কৰিয়ে এনেদৰে নৰক যন্ত্ৰণা খুৱাইছে পথচাৰী আৰু স্থানীয় ৰাইজক।

ইফালে, গড়কাপ্তানী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰো ঘনিষ্ঠ হোৱা বাবে ঠিকাদাৰজন বেপৰোৱা হৈ পৰিছে। উল্লেখযোগ্য যে মেৰামতিৰ ২-৩ মাহ পিচৰ পৰাই পথছোৱা জহিখহি যাবলৈ আৰম্ভ কৰে। কোনোধৰণৰ বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন নকৰাকৈ পথছোৱা নিৰ্মাণ কৰাৰ ফলতে আজি জীয়াতু ভুগিছে সৰ্বসাধাৰণ জনতাই৷

সম্প্ৰতি পথৰ মাজত, পথটোৰ দুয়ো কাষে প্ৰকাণ্ড গাঁত৷ যেন পথ নহয়, এয়া পুখুৰীহে৷স্থানীয় লোকৰ অভিযোগমতে ঠিকাদাৰ আৰু অভিযন্তাই মিলি পথ মেৰামতিৰ নামত চৰকাৰী ধনৰ শৰাধ পতাৰ ফলতে পথচোৱাৰ আজি এই দুৰৱস্থা৷পুৰণা পথৰ ওপৰতে মাত্ৰ ব্লেক টেপিং কৰিয়ে ধন মোকলাই নিছে ঠিকাদাৰে। ছাইডবামৰ কোনো কামেই নকৰিলে। ফলত পথৰ দুয়োকাষ জহিখহি গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in