নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ…

নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী বাঁহজানীৰ মিলনবজাৰত বুধবাৰে স্কুলীয়া ছাত্ৰীৰ ওপৰত বাগৰি পৰিল বিদ্যুতৰ খুঁটা ৷গোপালথান পলিটেকনিকেল ইনষ্টিটিউচন হাইস্কুলৰ ছাত্ৰী ছয়নিকা তালুকদাৰে বিদ্যালয়লৈ পৰীক্ষা দিবলৈ চাইকেলেৰে গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ।

দুৰ্ঘটনাৰ ফলত ছাত্ৰীগৰাকী কথমপি ৰক্ষা পৰে যদিও চাইকেলখনৰ ক্ষতিসাধন হয়। ছাত্ৰীগৰাকীৰ ঘৰ নিজ বাঁহজানীৰ বেজপাৰাত । শক্তি বিভাগৰ গাফিলতিৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি ৰাইজে মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in