নলবাৰী জিলা সাহিত্য সন্মিলনী পাঠচক্ৰ আৰু বাক্-বাৰ্তা অনুষ্ঠান সম্পন্ন

নলবাৰী জিলা সাহিত্য সন্মিলনী পাঠচক্ৰ আৰু বাক্-বাৰ্তা অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত দেওবাৰে নলবাৰী অভ্যসন বিদ্যালয়ত 'পাঠচক্ৰ তথা বাক্ আৰু বাৰ্তা' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়৷ নলবাৰী জিলা সাহিত্য সন্মিলনীৰ সম্পাদক ড° দীনেশ চক্ৰৱৰ্তীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলা সাহিত্য সন্মিলনীৰ সভাপতি কামিনীকান্ত শৰ্মা শাস্ত্ৰীয়ে৷ 'অসমীয়া সমাজ জীৱনলৈ ৰত্ন ওজাৰ সাংস্কৃতিক অৱদান' শীৰ্ষক বক্তৃতা প্ৰদান কৰি কবি, প্ৰবক্তা বিনয় কুমাৰ মজুমদাৰে কয় যে, জীৱনৰ বিয়লি বেলাত হুইল চেয়াৰত বহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা ৰত্ন ওজা নিজে এক সাংস্কৃতিক অনুষ্ঠান৷ তেওঁ অসমীয়া ভাষা, জাতিৰ সংকট বুজি উঠিছিল৷ আনহাতে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, অভিনেতা ওজাই অসমীয়া সাংস্কৃতিক জগতখনলৈ বহুমূলীয়া অৱদান আগৱঢ়াই গৈছে বুলিও তেওঁ মন্তব্য  কৰে।

পাঠচক্ৰত ড° অৰ্চনা শৰ্মা, অপৰ্ণা দেৱী, ভূমিধৰ তালুকদাৰ, উৎপল চক্ৰৱৰ্তী, প্ৰেমদেৱ শৰ্মা, ৱাহিদুজ জামানে প্ৰৱন্ধ পাঠ কৰে৷ উমেশ শৰ্মা, বসন্ত কুমাৰ হালৈয়ে গল্প আৰু প্ৰণৱ খাৰজাৰা, দীপাংকৰ নয়ন, নেত্ৰ কমল দত্ত, কমাৰউদ্দিন আহমেদ, প্ৰজ্ঞা প্ৰয়াসী, ড° শিখামণি শৰ্মাই কবিতা পাঠ কৰে৷ বিনয় কুমাৰ মজুমদাৰে মূল বক্তৃতা দিয়াৰ লগতে পাঠচক্ৰত পঠিত প্ৰৱন্ধ, গল্প, কবিতাৰ পৰ্যালোচনা দাঙি ধৰে৷ শলাগৰ শৰাই আগৱঢ়াই ড° শিখামণি শৰ্মাই৷ সভাখনত ড° বীৰেন ডেকা, প্ৰদীপ শৰ্মা, খগেন শৰ্মা, মদন বৰ্মনকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in