ভেলুৰাম ফুটবলত চামতা চেম্পিয়ন …

ভেলুৰাম ফুটবলত চামতা চেম্পিয়ন …

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ভেলুৰাম বৰ্মন সোঁৱৰণী এ ডিভিজন ফুটবল লীগৰ শনিবাৰৰ চূড়ান্ত খেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘই নবাৰুণ ক্লাবক ১ গ'লত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

খেলৰ ৫০ মিনিটত হেড কৰি চন্দন বৰ্মনে নিৰ্ণায়ক গ'ল প্ৰদান কৰে ৷ খেল উদ্বোধন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰে আৰু বঁটা বিতৰণ কৰে ক্ৰীড়াসংগঠক মফিজউদ্দিন আহমেদ, গফ্ফৰ উজ জামান আৰু হৰিশ গোস্বামীয়ে ৷

চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে কমল বৰ্মনে ৷ ১৮ আগষ্টৰ পৰা বি ডিভিজন ফুটবল লীগ আনুষ্ঠিত হব বুলি এন এছ এৰ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in