নলবাৰীৰ আজহাৰুল আমিনলৈ ‘নেচনেল প্ৰাইড এক্সিলেঞ্চ এৱাৰ্ড ১৯’…

নলবাৰীৰ আজহাৰুল আমিনলৈ ‘নেচনেল প্ৰাইড এক্সিলেঞ্চ এৱাৰ্ড ১৯’…

ডিজিটেল সংবাদ,নলবাৰীঃ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ কলা(কুংফু)ৰ সুদক্ষ খেলুৱৈ নলবাৰীৰ আজহাৰুল আমিনলৈ আগবঢ়োৱা হৈছে "নেচনেল প্ৰাইড এক্সিলেঞ্চ এৱাৰ্ড ২০১৯"। অহা ১৯ জুনত এই বঁটা ভাৰতৰত্ন অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ , মধ্য প্ৰদেশ কমিটীয়ে খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।

ইতিমধ্যে খেলুৱৈ গৰাকীয়ে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ লাভ কৰা বুলি জানিবলৈ দিছে।উল্লেখ্য যে নলবাৰীৰ এইগৰাকী খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ কলা প্ৰতিযোগিতাত কেইবাটাও সোন,ৰূপ,ব্ৰঞ্জৰ পদক লাভ কৰি নলবাৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই বঁটা পাবলৈ সক্ষম হোৱা বাবে খেলুৱৈগৰাকীলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।আনহাতে বঁটা প্ৰাপক আজহাৰুল আমিন এগৰাকী সুদক্ষ খেলুৱৈ হোৱাৰ লগতে তেওঁ স্নাতক আই টি উত্তীৰ্ণ কম্পিউটাৰ ইঞ্জিনিয়াৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in