লক ডাউনঃ নলবাৰীত আছু-যুৱ ছাত্ৰৰ বিশেষ পদক্ষেপ…

লক ডাউনঃ নলবাৰীত আছু-যুৱ ছাত্ৰৰ বিশেষ পদক্ষেপ…

ডিজিটেল সংবাদ, নলবাৰীঃ সমগ্ৰ বিশ্বতে এতিয়া অতিমাৰী কোৰোনা ভাইৰাছৰ আতংক। একবিংশ শতিকাত প্ৰথমবাৰৰ বাবে অসহায় হৈ পৰিছে মানৱ জাতি। লক ডাউন ঘোষণা কৰিবলগীয়া হৈছে সমগ্ৰ দেশতে। এনে সংকটত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি ৰাইজৰ কাষত থিয় দিছে।

যিকোনো পৰিস্থিতিতে জিলাখনৰ অসহায় লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সাজু হৈছে সংগঠন দুটা। লকডাইনৰ সময়ত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা আৰু লগতে ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখি চলাটো অত্যন্ত বাধ্যতামূলক।

এই লকডাউনৰ সময়ছোৱাত নলবাৰী জিলাৰ যিকোনো প্ৰান্তত কোনোবা পৰিয়ালৰ অত্যাৱশ্যকীয় সামগ্ৰী,চিকিৎসা সেৱা,ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক অসুবিধা তথা যিকোনো বিপৰ্যয়ৰ পৰা কিছু সকাহ দিবলৈ ৰাইজৰ কাষত চৰকাৰ আৰু স্বাস্থ্য বিভাগে দিয়া নীতি নিয়ম মানি থিয় দিব সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী সদস্য।

ইতিমধ্যে বিভিন্ন অঞ্চলত আৰ্তজনক সহায় কৰিবলৈ সাজু হৈছে জিলা ছাত্ৰ সন্থা,যুব ছাত্ৰ পৰিষদ আৰু সংগঠন দুটাৰ আঞ্চলিক সমিতিসমূহ। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ হৈ হিমান বৰ্মন,ভৱজিৎ বেজবৰুৱা, গুণজ্যোতি পাঠক, অক্ষয় ডেকা আৰু যুৱ ছাত্র পৰিষদৰ জিলা সমিতিৰ হৈ ব্ৰজেন চৌধুৰী, মনোৰাম কলিতা,নিৰোদ দাস আৰু যোগেশ কলিতাই আজি যুটীয়াভাবে জনোৱা এক গোহাৰিত কয় যে'আপুনি,মই সজাগ মানে আপোনাৰ,মোৰ পৰিয়াল সুৰক্ষিত,আমাৰ সমাজ সুৰক্ষিত।

আতংকিত নহ'ব,উৰাবাতৰিত ভোল নাযাব,সচেতন হওক।' যিকোনো ক্ষেত্ৰত যোগাযোগৰ বাবে আছু আৰু যুৱ ছাত্র পৰিষদে দিয়া ফোন নম্বৰকেইটা হ'ল-

  • ৯৭০৬৭১৯০৮৬
  • ৯৪৩৫৪৭২০৭৫
  • ৭০০২৭১৪৭৬৯
  • ৭০০২৫২১৮৪০
  • ৮৪৮৬১৫৮৯৫৫
  • ৯১০১২১৮২৯৩
  • ৮৬৩৬৯৯৬৫৫৭
  • ৭০০২০২৫১৫৮
  • ৮৬৩৮০১৩৩১৮

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in