নগাঁৱত অব্যাহত সাৰৰ বৃহৎ চিণ্ডিকেট

নগাঁৱত চলি আছে সাৰৰ বৃহৎ চিণ্ডিকেট। নগাঁও জিলা ট্ৰাক মালিক সন্থাৰ অভিযোগৰ পাছতে পোহৰলৈ আহিছে overloadৰ তথ্য।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱত চলি আছে সাৰৰ বৃহৎ চিণ্ডিকেট। Prova Enterprises স্বতাধিকাৰী বিভূতি বৰাৰ নিৰ্দেশত প্ৰতিখন ট্ৰাকতoverload ৰ অভিযোগ উত্থাপন হৈছে। নগাঁও হয়বৰগাঁও আৰক্ষী থানাৰ ভিতৰতে নগাঁও ট্ৰাক মালিক সন্থাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ কৰাৰো অভিযোগ Prova Enterprises ৰ স্বতাধিকাৰী বিভূতি বৰাৰ বিৰুদ্ধে। 

উল্লেখ্য যে, এই ঘটনা সংঘটিত হয় ১৭ জানুৱাৰীত। নগাঁৱৰ হয়বৰগাঁও ৰে'লৱে ষ্টেচনত পৰা ট্ৰাকত উঠাই আছিল সাৰ। Prova Enterprises ৰ কৰ্মচাৰী নিৰ্দেশত প্ৰতিখন ট্ৰাকত overload কৰি সাৰ উঠাই থকা কামত বাধা দিছিল নগাঁও ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়াসকলে। এই ঘটনাৰ পাছতেই  খৰ্গহস্ত হৈ ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়া সৈতে হতাহতি হয় Prova Enterprises ৰ কৰ্মচাৰী। ইয়াৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও হয়বৰগাঁও আৰক্ষী থানাত ৰুজু হয় গোচৰ। ট্ৰাক মালিক সন্থাই prova Enterprises ৰ কৰ্মচাৰী চনু জয়চোৱাল, প্ৰশান্ত ঘোষ আৰু অভিশেসৰ বিৰুদ্ধে থানাত দাখিল কৰে এজেহাৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত মংগলবাৰে সন্ধিয়া সোধপোচৰ বাবে দুয়ো পক্ষক আৰক্ষী মাতি পঠিয়াই। আৰু তাৰ পাছতে থানাৰ ভিতৰতে আৰক্ষীৰ সন্মুখত prova Enterprises ৰ স্বতাধীকাৰী বিভুতি বৰায়ে ট্ৰাক মালিক সন্থাৰ সম্পাদক গনেশ দাসক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

WhatsApp Image 2026-02-04 at 9.53.29 AM

প্ৰণিধানযোগ্য যে- পূৰ্বতেও সাৰৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা বিভূতি বৰাৰ নেতৃত্বত নগাঁৱত আজিও অব্যাহত আছে নেকি সাৰৰ অবৈধ চিণ্ডিকেট?over load হৈ চলাচল কৰা ট্ৰাক সমূহক কিয় নাকি লগাব নোৱাৰে জিলা পৰিবহণ বিষয়াই? অভিযোগ যদি সঁচা হয়, থানাৰ ভিতৰতে ট্ৰাক মালিক সন্থাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ কৰাৰ সাহস ক'ত পালে বিভুতি বৰায়ে? এই সন্দৰ্ভত উত্থাপন হৈছে বহু প্ৰশ্ন। লগতে  নগাঁও হয়বৰগাঁও আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।

নগাওঁ