/asomiyapratidin/media/media_files/2026/01/30/hfoigjnlkdf-2026-01-30-23-13-34.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে হত্যা, হিংসা, ধৰ্ষণ ইত্যাদি ঘটনাবোৰ ৷ তেনেই সাধাৰণ বাতৰিৰ দৰে প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰিছে এনে খবৰে ৷ নগাঁৱৰ কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত জুমৰমুৰত যোৱা ২৮ জানুৱাৰীত ভ্ৰাম্যমাণ থিয়েটাৰ চাই উভতাৰ পথত এগৰাকী মহিলাক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলোৱা লোকজনক কঠীয়াতলী আৰক্ষীয়ে আটক কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-imag-2026-01-30-23-14-04.jpeg)
উল্লেখ্য যে, কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিন্টু ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে ৪৮ ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ সক্ষম হোৱা ধৃত লোকজন ৰাঙলু সুতাৰ গাঁৱৰ সুবুৰ আলি বুলি জানিব পৰা গৈছে। ধৃত সুবুৰ আলিয়ে মহিলা গৰাকীক আক্ৰমণ কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।বৰ্তমান কঠিয়াতলী আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে লোকজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us