শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

নগাঁও প্ৰেছ ক্লাবত ‘আইৰ পৃথিবীৰ প্ৰতিবিম্ব’ উন্মোচন

ডিজিটেল সংবাদ নগাঁও: নগাঁও প্ৰেছ ক্লাবত শনিবাৰে আবৃত্তিকাৰ আৰু কবি নিৰ্মালি কলিতাৰ এখনি গ্ৰন্হ উন্মোচিত হয় ৷ বিয়লি নগাঁও প্ৰেছ ক্লাবত গ্ৰন্হখনি উন্মোচন কৰে কবি প্ৰদীপ শইকীয়া ডা° প্ৰয়াগ শইকীয়া অধিবক্তা ৰঞ্জিত নাথ গল্পকাৰ শিবানন্দ কাকতী চিনেমা প্ৰযোজক অৰূপ মান্নাই ৷

কবি প্ৰদীপ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত গ্ৰন্হ উন্মোচনে সভা খনৰ লগত সংগতি ৰাখি “ কবিতা আৰু গল্প কথাৰে এটি আবেলি“ অনুষ্ঠান অনুষ্ঠিত হয়। “আই পৃথিবীৰ প্ৰতিবিম্ব “ শীৰ্ষক কবিতা গ্ৰন্হ খনি প্ৰকাশ কৰে নগাঁৱৰে বিৰিখ
প্ৰকাশনে ৷

১১০ পৃষ্ঠাৰ কবিতা গ্ৰন্হ খনিত কবি নিৰ্মালি কলিতাৰ ৬২ টা কবিতা সনিবিষ্ট কৰা হৈছে ৷ সভাখনিত লেখক তথা প্ৰশাসনীক বিষয়া জয়ন্ত কুমাৰ বৰাও তত্বগধুৰ বক্তব্য আগবঢ়ায় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি