নগাঁৱত মাজনিশা শহুৰৰ ঘৰত জুঁই জোৱাইৰ…

নগাঁৱত মাজনিশা শহুৰৰ ঘৰত জুঁই জোৱাইৰ…

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ কচলুখোৱাত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আব্দুল ওৱাহাবৰ বাসগৃহত সংঘটিত এই অগ্নি সংযোগৰ আৰত জোৱায়েক ৰতুল হুছেইন ছাৰদাৰ জৰিত থকাৰ অভিযোগ উঠিছে ৷ ঘটনাৰ সৰ্ন্দৰভত মৰিকলং আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছে ৷জানিব পৰা মতে ভোটই আটিৰ ৰাতুলৰ লগত ৬বছৰ পূৰ্বে আব্দুল ওৱাহাবৰ কন্যা ৱাহিদা বেগম বিবাহ পাশত আবদ্ধ হৈছিল ৷

বিয়াৰ পিছৰ পৰা ৱাহিদাৰ ওপৰত নিৰ্যাতন চলাৰ অভিযোগ উঠে ৷ নিৰ্যাতনে চৰম সীমা অতিক্ৰম কৰে ৷ যাৰ বাবে স্হানীয় লোক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আগবাঢ়ি আহে ৷ সই মৰ্ম্মে কচলুখোৱা আৰু ভোটইআটিৰ ৰাইজ একগোট হৈ এক মেল অনুষ্ঠিত কৰে ৷ মেলত ৱাহিদাক স্বামী গৃহৰ পৰা পিতৃঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

এই ঘটনাৰ পিছত কালি নিশা প্ৰায় ২:৩০ বজাত আব্দুল ওৱাহাবৰ বাসগৃহটি দপ দপ কৈ জ্বলি উঠে ৷ জুইৰ ফলত ওৱাহাবৰ পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰে যদিও মটৰ চাইকেলকে ধৰি মূল্যবান আচবাব জুইত যাহ যায় ৷ আজি ঘটনাটোৰ সৰ্ন্দভত শহুৰ আৰু পত্নীয়ে ৰাতুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in