নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ শ্ৰীৰাম ম’ৰৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু…

নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ শ্ৰীৰাম ম’ৰৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু…

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ শ্ৰীৰাম ম'ৰৰ আজি পুৱা সাত বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বিয়োগ হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪বছৰ। কৰ'নাত আক্ৰান্ত হৈ তেওঁ যোৱা ২২ দিন ধৰি গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছিল। প্ৰথম অৱস্থাত তেওঁৰ আৰ টি পি চি আৰ টেষ্ট কৰোৱাত তেওঁৰ দেহত ক'ভিড-১৯ পজিটিভৰ অৱস্থিতি ধৰা পৰিছিল যদিও চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত কৰোৱা পৰীক্ষাত তেঁওৰ ক'ভিড নিগেটিভ ওলায়।

ক'ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়তে তেওঁক প্লাজমা থেৰাপীও দিয়া হৈছিল। কৰোনাৰ স'তে দীঘলীয়া যুঁজ কৰি ক'ৰোনাৰ বিৰুদ্ধে জয়ী হ'লেও পিছলৈ তেওঁৰ হাওঁফাওঁৰ সংক্ৰমণ হয়। হাওঁফাওঁৰ সংক্ৰমণে পিছলৈ অতি জটিল ৰূপ ধাৰণ কৰে।চিকিৎসালয় খনৰ আই চি ইউত চিকিৎসাধীন অৱস্থাতে আজি পুৱা ডাঃম'ৰৰ মৃত্যু হয়। বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃম'ৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱত শোকৰ ছাঁ পৰে।

ডাঃ শ্ৰীৰাম ম'ৰৰ জন্ম হৈছিল ১৯৪৬ চনত নগাঁও চহৰৰ হয়বৰগাঁৱত। নগাঁও চহৰতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত তেওঁ হয়বৰগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।তাৰ পৰাই তেওঁ এম বি বি এছ আৰু পৰৱৰ্তী সময়ত মিডিচিন বিভাগত পিজি ডিগ্ৰী লাভ কৰে। চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছতেই তেওঁ চৰকাৰী চিকিৎসক হিচাপে নগাঁও আৰু ধুবুৰী জিলাত কিছুদিন সেৱা আগবঢ়ায়।

পিছত তেওঁ চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি নগাঁও চহৰৰ হয়বৰগাঁৱত এখন ক্লিনিক খুলি চিকিৎসা সেৱা আৰম্ভ কৰে। মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে তেওঁ গৃহ চহৰ নগাঁৱৰ লগতে মধ্য অসমৰ মৰিগাঁও, হোজাই, কাৰ্বিআংলং, ডিমাহাচাও জিলাৰ ৰাইজৰ মাজত অতি আস্থাভাজন আছিল। দৰিদ্ৰ ৰোগীক তেওঁ সহায়ৰ হাত আগবঢ়াইছিল।

পৰৱৰ্তী সময়ত তেওঁ নগাঁও চহৰতে"জি ডি নাৰ্ছিংহোম"নামৰ এখন ব্যক্তিগত চিকিৎসালয় স্থাপন কৰি ক্লিনিকৰ সামন্তৰালকৈ নাৰ্ছিংহোম খনতো চিকিৎসা সেৱা আৰম্ভ কৰে।জিলা খনৰ মাৰোৱাৰী সমাজৰ লগতে অন্য বহু সামাজিক-ধৰ্মীয় অনুষ্ঠানৰ সৈতে ডাঃ ম'ৰ নিবিড়ভাৱে জড়িত আছিল। তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰো সদস্য আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, এক পুত্ৰ আৰু এগৰাকী কন্যা সন্তান সহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in