নগাঁৱত গছ পৰি শ্ৰমিকৰ মৃত্যু

গুৰুতৰভাৱে আহত হোৱা ফলত এজন শ্ৰমিক থিতাতে নিহত হয় আৰু আনজন শ্ৰমিক আহত হয়। নিহত আৰু আহত দুয়োজনৰ ঘৰ ৰূপহীহাট আৰক্ষী থানাৰ ভেলৌগুৰি কছাৰীগাঁৱত।

author-image
Asomiya Pratidin
New Update
agroni khabar

ডিজিটেল সংবাদ, বঢ়মপুৰ:  আজি দুপৰীয়া নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়াপোটনীৰ ম'হৰটুপ গাঁৱত এক অঘটন সংঘটিত হয়। গাঁওখনৰ এজন লোকৰ বাৰীত দুজন শ্ৰমিকে গছ কাটি থকা সময়ত গছৰ এটা অংশ কাষতে থকা তামোল গছত পৰাত তামোল গছ ভাঙি শ্ৰমিক দুজন আহত হয়।

Advertisment

গুৰুতৰভাৱে আহত হোৱা ফলত এজন শ্ৰমিক থিতাতে নিহত হয় আৰু আনজন শ্ৰমিক আহত হয়। নিহত আৰু আহত দুয়োজনৰ ঘৰ ৰূপহীহাট আৰক্ষী থানাৰ ভেলৌগুৰি কছাৰীগাঁৱত। নিহত শ্ৰমিক জন হ'ল জহিৰুল ইছলাম(৩২) আৰু আহত জন হল আবু কালাম।

নিহত জহিৰুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হয়। শ্ৰমিক জনৰ মৃত্যুত পৰিয়ালত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। আহত শ্ৰমিক জনক নগাঁও মেডিকেল কলেজ হাস্পতালত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

বঢ়মপুৰ