কলঙত পুত্ৰই গতিয়াই দিয়া বৃদ্ধাৰ মৃতদেহৰ সন্ধানত দ্বিতীয় দিনাও অভিযান অব্যাহত

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, নগাঁওঃ  নগাঁও চহৰত কলং নৈত পুত্ৰই গতিয়াই পেলাই দিয়া মহিলাগৰাকীৰ মৃতদেহৰ সন্ধানত আজি দ্বিতীয় দিনাও অব্যাহত আছে উদ্ধাৰ অভিযান। বৃহস্পতিবাৰে আন্ধাৰ হোৱাৰ পিছত অভিযান সামৰা এছ ডি আৰ এফৰ দলটোৱে আজি পুৱাৰে পৰা অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে, বুধবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা। চিকিসকৰ ওচৰলৈ নিব বুলি ৰত্না দেৱী আগৰৱালা নামৰ ৯০ উৰ্ধৰ মহিলাগৰাকীক এখন ই-ৰিক্সাৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপলৈ লৈ আনি আন্ধাৰৰ সুযোগ লৈ কলং নৈত গতা মাৰি পেলাই দিছিল পুত্ৰ প্ৰমোদ আগৰৱালাই।

সেই সময়তে আলী হুছেইন নামৰ এজন ই-ৰিক্সা চালকে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘটনাটো পোহৰলৈ আহে। পিছত ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা আটক কৰে প্ৰমোদ আগৰৱালা নামৰ পাষাণ পুত্ৰক। আৰক্ষীৰ জেৰাত ধৃত প্ৰমোদে ধনৰ অভাৱৰ বাবেই এনেদৰে মাতৃক পানীত পেলাই দিবলৈ বাধ্য হৈ পৰে বুলি দাবী কৰিছে। মাতৃক নৈত গতিয়াই দি নিজেও আত্মহত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলিও লোকজনে আৰক্ষীক জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in