নগাঁও জিলাৰ পশ্চিমাঞ্চলত মটৰচাইকেল চালকৰ দৌৰাত্ম্য, ব্যৱস্থা গ্ৰহণৰ দাবী …

নগাঁও জিলাৰ পশ্চিমাঞ্চলত মটৰচাইকেল চালকৰ দৌৰাত্ম্য, ব্যৱস্থা গ্ৰহণৰ দাবী …

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত তিনিজন আৰোহী লৈ মটৰচাইকেল চলোৱা, হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলোৱা আদি নিয়ম বৰ্হিভূত মটৰচাইকেলৰ দৌৰাত্ম্যই জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ এচাম কম বয়সীয়া যুৱকৰ বাইক ষ্টান্টৰ ভয়ত ৰাজপথত ওলাবলৈ ভয় হৈছে সাধাৰণ মানুহৰ।

এই সকলোবোৰ দেখিও নেদেখা ভাওঁ জুৰিছে আৰক্ষী প্ৰশাসন আৰু মটৰ পৰিবহন বিভাগ। নগাঁও-বটদ্রৱা-ধিং সংযোগী গড়কাপ্তানী পথ, বটদ্ৰৱা থান সংযোগী শলগুৰি সত্ৰ আৰু নৰোৱা সত্ৰৰ পথ, বটদ্ৰৱা-শিলপুখুৰী সংযোগী পথ আৰু ধি-বড়িবজাৰ-জাজৰি-নগাঁও সংযোগী এই পথ সমূহত ভয়াবহ ভাবে এনে ধৰণৰ নিয়ম কানুন নমনা মটৰচাইকেল ষ্টান্টৰ বাবে নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে।

নগাঁও জিলা পৰিবহন বিভাগ আৰু আৰক্ষীক বিষয়টো গুৰুত্বসহকাৰে লৈ এনে নিয়ম বৰ্হিভূত বাইক ষ্টান্টৰ বিৰোদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা, ৰাইডঙীয়া, জাজৰি, কদমনি, ধিং বাসী সচেতন নাগৰিকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in