পুৱাই হাতত বেনাৰ-ফেষ্টুন লৈ ৰাজপথত নগাঁৱৰ শতাধিক ৰাইজ, VIDEO

পুৱাই হাতত বেনাৰ-ফেষ্টুন লৈ ৰাজপথত নগাঁৱৰ শতাধিক ৰাইজ, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত তেতেলিসৰা গাঁও পঞ্চায়তত স্থানীয় লোকৰ প্ৰতিবাদ। পঞ্চায়তটোৰ ৭ নং ৱাৰ্ডৰ একাংশ পুৰুষ মহিলাই পুৱাই হাতত বেনাৰ, ফেষ্টুন লৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু স্থানীয় পঞ্চায়ত খনৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ অভিযোগ ১২৬ নং তেতেলিসৰা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ শতাধিক পৰিয়ালে অহা যোৱা কৰা পথটো বিগত বৰ্ষত পঞ্চায়তখনে নিৰ্মান কৰিছিল৷ কিন্তু কিছু অংশ কাম কৰিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ সভাপতি অমিয় হাজৰিকাৰ বিৰুদ্ধে৷ যাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষনত ভোট বৰ্জনৰ সিদ্ধান্ত কৰি স্থানীয় লোক সকলে প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in