নগাঁৱৰ কামপুৰ ৰে’ল ষ্টেচনত চোৰক গণপ্ৰহাৰ

নগাঁৱৰ কামপুৰ ৰে’ল ষ্টেচনত চোৰক গণপ্ৰহাৰ

ডিজিটেল ডেস্কঃ নিশা নগাঁৱৰ কামপুৰ ৰে'ল ষ্টেচনত এটা চোৰক ধৰি গণপ্ৰহাৰ দিলে একাংশ লোকে। ৰে'ল যাত্ৰীৰ পৰা বেগ চোৰ কৰি পলাব খোজোতেই ৰাইজে ধৰিলে চোৰটোক।

পিছত গভাইত চোৰটোক গণ পহাৰ দিয়াৰ খবৰ পাই কামপুৰ ষ্টেচনত কামপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ চোৰটোক উদ্ধাৰ কৰে। বৰ্তমান কামপুৰ থানাৰ জিম্মাত থকা চোৰটোৰ নাম শ্যামল দাস।

উল্লেখযোগ্য যে, পূৰ্বতে এনে ধৰণৰ ৰে'লত চুৰি কৰা বহু চোৰক অঞ্চলটোৰ সচেতন লোকে আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও আৰক্ষীয়ে কোনো পক্ষৰ পৰা এজাহাৰ নোপোৱাত থানাৰ পৰাই মুকলি হয় গভাইত চোৰবোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in