নগাঁও জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আন্তঃব্লক ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন, লাওখোৱা ব্লক চূড়ান্ত বিজয়ী

নগাঁও জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আন্তঃব্লক ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন, লাওখোৱা ব্লক চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, ৰহাঃ নগাঁও জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত খাগৰিজান শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত যোৱা ২৯ ফেব্ৰুৱাৰী আৰু এক মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা আন্তঃব্লক ক্ৰিকেট প্ৰতিযোগিতাখনি সামৰণি পৰিল। মূলতঃ নগাঁও জিলাত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষক সকলৰ মাজত থকা ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন আৰু ঐক্য-সংহতিৰে শৈক্ষিক সমাজক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত আয়োজিত প্ৰতিযোগিতাখনিত জিলাখনৰ কপিলী, খাগৰিজান, সদৰ, কলিয়াবৰ, কঠিয়াতলি, বটদ্ৰবা, জুৰীয়া, ৰূপহী, লাওখোৱা আৰু জিলা সমিতিৰ দল সহ মুঠ দহটা দলে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ চূড়ান্ত খেলত লাওখোৱা শিক্ষাখণ্ডই জুৰীয়া শিক্ষাখণ্ডক ছয় উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰে। বিজয়ী দলটোৱে ৰেণুমাই দাধৰা সোঁৱৰণী চূড়ান্ত ট্ৰফী আৰু নগদ ধনৰ লগতে বিজিত দলটিয়ে সোণপ্ৰভা দাস সোঁৱৰণী চূড়ান্ত ট্ৰফী আৰু নগদ ধনৰ টোপোলা লাভ কৰে। খেলৰ অন্তত সাংবাদিক ভৱজ্যোতি ডেকাৰ সভাপতিত্বত এক বঁটা বিতৰণী সভাও অনুষ্ঠিত হয়।

উক্ত বঁটা বিতৰণী সভাত উপস্থিত থাকি জিলা সৰ্বশিক্ষা অভিযান মিচনৰ জিলা আঁচনি বিষয়া(শিক্ষক প্ৰশিক্ষণ) হৃষীকেশ বৰকটকীয়ে শিক্ষক সকলৰ এনে প্ৰচেষ্টাক আদৰণি জনাই আৰু ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ আহ্বান জনাই। তদুপৰি বঁটা বিতৰণী সভা জিলা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাও উপস্থিত থাকি শিক্ষক সকলৰ এনে ব্যৱস্থাক উদগণি জনাই। প্ৰতিযোগিতাখনিত নাজমুল হক চৌধুৰীয়ে মেন অব দি মেচ আৰু হিৰণ্ময় চক্ৰৱৰ্তীয়ে মেন অব দা ছিৰিজ সন্মান লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in