ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ প্ৰতিষ্ঠা দিৱস…

ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী দৌল মন্দিৰ পথত ২০১৪ চনতে স্থাপিত হোৱা ঘনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহ লয়ৰ প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰতিস্থা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা চৰকাৰী বালক বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক তুৱাৰাম বৰুৱাই।

ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰ্হালয় সম্পাদক ৰাজীৱ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটোত গুৰুসেৱাত নিমজ্জি হৈ নাম-কীৰ্তনেৰে বটদ্ৰৱাৰ শলগুৰি, নৰোৱা, চামগুৰি সত্ৰ, দীঘলী সত্ৰ, নৰোৱা বালিসত্ৰ, নৰোৱা ভেটিয়নী সত্ৰ, নৰোৱা কুজি সত্ৰ, নৰোৱা ধিং, আৰু কলিয়াবৰ শ্ৰৱনী সত্ৰৰ নামঘৰ সমূহত প্ৰসংগ চলোৱা ৩৩ গৰাকী আইমাতৃক গামোচা, সম্বৰ্ধনা পত্ৰ আৰু এটিকৈ ধূপদানি প্ৰদান কৰা হয়। যোৰহাট সাউদ কুচি সত্ৰৰ সত্ৰাধিকাৰ প্ৰনৱ প্ৰাণ গোস্বামীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষক দিপাংক গিৰি দেৱ গোস্বামী, হৰগোবিন্দ শইকীয়া, গিৰিশ বৰুৱাই ভাষন প্ৰদান কৰে।

অনুষ্ঠানটোত বটদ্ৰৱা সাংবাদিক সন্থাৰ কোষাধ্যক্ষ দিব্যজোতি বৰুৱা, খগেন কলিতা, মুনিদ্ৰ ভূঞা, জিতেন বৰুৱা, প্ৰধান শিক্ষয়ত্ৰী বুলু বৰুৱা, সমাজ সেৱক বিশ্বজিত মহন্তৰ লগতে বিভিন্ন সত্ৰৰ পৰা অহা কেইবাগৰাকী আই মাতৃ উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী লোকক শলাগ লৈছে ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ সভাপতি নিতুমণি গোস্বামী আৰু সম্পাদক ৰাজীৱ কুমাৰ মহন্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in