নগাঁৱত দিন দুপৰতেই ধন লুট

নগাঁৱত দিন দুপৰতেই ধন লুট

ডিজিটেল সংবাদ, নগাওঁঃ শনিবাৰে নগাওঁ চহৰত দিন দুপৰতেই সংঘটিত হয় এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। নগাওঁ জাজৰীৰ অতুল চন্দ্ৰ শইকীয়া নামৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াই নিয়াৰ সময়তে দুৰ্বৃত্তৰ দল এটাই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ধন লুট কৰি লৈ যায়।

লোকজন বেংকৰ পৰা ধন লৈ গৈ থকা অৱস্থাতে চহৰখনৰ মাজমজিয়াতে বান্দৰ কেঁকুৰা দলিয়াই দিয়ে লোকজনৰ শৰীৰত। শৰীৰত খজুৱতি উঠাৰ লগে লগে লোকজনৰ পৰা এক লাখ নব্বৈ হাজাৰ টকা লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in