নগাঁৱৰ পুৰণিগুদামত বোকা ভাওনা মহোৎসৱ…

নগাঁৱৰ পুৰণিগুদামত বোকা ভাওনা মহোৎসৱ…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম দেউৰীগাঁও আৰু ভীমৰ গাঁৱত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা "বোকা ভাওনা" সোমবাৰে হৰ্ষোৎল্লাহৰ মাজেৰে সম্পন্ন হৈ যায়৷ পুৰণিগুদাম দেউৰীগাঁও আৰু ভীমৰগাঁৱত নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক আকৰ্ষনীয় অনুষ্ঠান৷

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশীৰ দিনটোত প্ৰতিবছৰে উলহ-মালহেৰে নন্দোৎসৱ পতা হয়৷ পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্য্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গ আৰু প্ৰসাদ-ভোগ বিতৰন কৰে৷ বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইখনত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল খান্দি তাত পানী ঢালি বোকাময় কৰি লয় আৰু তাৰ চাৰিওফালে বোকা ভাওনাত অংশগ্ৰহণ কৰা পুৰুষ সকলে সাৰিপাতি বহি নাম প্ৰসঙ্গ কৰে৷

তাৰপাছত অংশগ্ৰহণকাৰী ভক্তবৃন্দই আনন্দ মনেৰে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা চটিয়াই মনৰ আনন্দ প্ৰকাশ কৰে ৷ বোকা ভাওনাৰ অন্তত অংশগ্ৰহণকাৰী সকলে  পুনৰ স্নান কৰি নামঘৰত নাম প্ৰসঙ্গ কৰি দিনজোৰা কাৰ্য্যসূচীৰ সমৰণি মাৰে আৰু দৰ্শনাৰ্থী ভক্তবৃন্দই মিটিকাৰে গোঁসাইঘৰত ফোট ল'বলৈ বোকা সংগ্ৰহ কৰা পৰিলক্ষিত হয়৷ 

সোমবাৰৰ অনুষ্ঠানতে দেউৰীগাঁৱৰ নামঘৰলৈ হালোৱাগাঁৱৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা সভাপতি  বিক্ৰমজিৎ সিং আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আদিত্য শইকীয়াই এটা গেছ ষ্টোভ আৰু চিলিণ্ডাৰ প্ৰদান কৰি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in