নগাঁৱৰ পুৰণিগুদামত বিস্ময়কৰ ঘটনা, ৰাইজৰ পূজা-অৰ্চনা

নগাঁৱৰ পুৰণিগুদামত বিস্ময়কৰ ঘটনা, ৰাইজৰ পূজা-অৰ্চনা

ডিজিটেল সংবাদ, চামগুৰিঃ শিৱৰাত্ৰী দিনায়ে নগাঁৱৰ পুৰণিগুদামত বিস্ময়কৰ ঘটনা। আৰ্বিভাব হ'ল পঞ্চমুখী নাগৰ। পঞ্চমুখী নাগৰ আৰ্বিভাব দেখি স্থানীয় ৰাইজে আৰম্ভ কৰিলে পূজা-অৰ্চনা। মহাশিৱৰাত্ৰী উপলক্ষে সমগ্ৰ ৰাজ্যতে হৈছে পূজা-অৰ্চনা। শিৱৰাত্ৰিৰ দিনায়ে নগাঁৱৰ পুৰণিগুদাম বৰপানীগাৱঁৰ এই বিশেষ স্থানটোত কৰা হৈছে পূজা-অৰ্চনা।

ঘটনা অনুসৰি পুৱাই বৰপানীগাৱঁৰ এঘৰত উঁই হাফলুত প্ৰত্যক্ষ কৰে পঞ্চমুখী নাগ আৰু ইয়াৰ পাছৰে পৰা আৰম্ভ হয় পূজা অৰ্চনা। বহুতৰে বিশ্বাস এয়া ভগৱানৰ লীলা। নগাঁৱৰ পুৰণিগুদাম বৰপানীগাৱঁত ঘটা এই ঘটনাৰ কথা মূহুৰ্ততে বিয়পি পৰিল সমগ্ৰ অঞ্চলটোত।

খবৰ পায় সেইস্থানত সমাগম হ'ল অসংখ্য লোকৰ। গাঁৱৰ গোপীনী সকল সমৱেত হৈ এয়া ভগৱানৰে লীলা বুলি বিশ্বাস কৰি গাইছে কাকুতি ঘোষা। অৱশ্যে এয়া সঁচাকৈয়ে ভগৱানৰ আৰ্বিভাব নে অন্য কিবাহে সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in