এইবাৰ নগাঁৱত ম’হৰ চোৰাং সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত…

এইবাৰ নগাঁৱত ম’হৰ চোৰাং সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত…

ডিজিটেল সংবাদ নগাঁও: গৰুৰ সমানে নগাঁৱত ম'হৰ চোৰাং বেহা ৷ চোৰাঙকৈ ম'হ সৰবৰাহ হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে নগাঁও আৰক্ষীৰ অভিযানত ৷ নগাঁৱৰ বৰঘাটত অভিযান চলাই এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হৈছে ম'হ৷

এ এছ ০১ এফ চি ৯৫৭৫ নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৮ টাকৈ ম'হ ৷ যোৰহাটৰ পৰা মেঘালয়লৈ বুলি চোৰাংকৈ সৰবৰাহ কৰা হৈছিল ম'হ কেইটা ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কৰায়ত্ব কৰিছে দুজন লোকক ৷ কৰায়ত্ব কৰা লোক কেইজন ৰ নাম হৈছে মফিজ উদ্দিন আৰু ৰকিবুল ইছলাম ৷ উল্লেখ্য এই যে মেঘালয়লৈ বুলি ৮ টাকৈ ম'হৰ লগতে ১০ টা গৰুও কৰায়ত্ব কৰা লোক দুজনে ট্ৰাকখনত সৰবৰাহ কৰিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in