মাছত বৰবিহ! নগাঁৱৰ পশ্চিমাঞ্চলৰ মৎস্য পালকে মাছ ডাঙৰ কৰিবলৈ খুৱাইছে ৰাসায়নিক সাৰ…

মাছত বৰবিহ! নগাঁৱৰ পশ্চিমাঞ্চলৰ মৎস্য পালকে মাছ ডাঙৰ কৰিবলৈ খুৱাইছে ৰাসায়নিক সাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে সম্প্ৰতি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ পশ্চিম অঞ্চল বিশেষকৈ টুকটুকী, কটহগুৰি, ৰৌমাৰী, ধিং, ডুমডুমীয়া, ধনীয়াভেটি, কোবাইকটা, শিলপুখুৰী, চলাপথাৰ, ধুপগুৰি, ভেৰভেৰী, বাটমাৰী, কদমনি, আমলখি আদি অঞ্চলত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মৎস্য পালক সকলে পুখুৰীত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে এই বৃহত্তৰ অঞ্চলটোৰ প্ৰতিঘৰ লোকৰ ঘৰতে একাধিক মৎস্য পালনৰ পুখুৰী আছে। এই অঞ্চল কেইটাৰ পৰা উজনি নামনি অসমৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হয় মাছ। কিন্তু ব্যৱসায়িক স্বাৰ্থ তথা অধিক মুনাফা লাভৰ খাতিৰতে উৎপাদন বৃদ্ধি কৰিবলৈ পুখুৰীত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ লৈছে মৎস্য পালক সকলে। কেৱল সেয়ে নহয়, পুখুৰীত ব্ৰইলাৰ মূৰ্গীৰ মল মূত্ৰৰ লগতে একাংশই মাছ ডাঙৰ কৰিবলৈ গৰুৰ ভোৰ পৰ্য্যন্ত পুখুৰীত পেলোৱাৰ খবৰ পোৱা গৈছে।

ৰাসায়নিক সাৰ হিচাপে মৎস্য পালক সকলে ডাইএমনিয়াম ফছফেট ফাৰ্টিলাইজাৰ অৰ্থ্যাৎ ডি এ পি প্ৰয়োগ কৰে। এই ৰাসায়নিক সাৰ ভক্ষণ কৰি মাছৰ আকাৰ কম দিনতে বৃদ্ধি হয়। একেদৰে ইউৰিয়া, ছুপাৰ ফছফেট আদি সাৰো বস্তাই বস্তাই পুখুৰীত প্ৰয়োগ কৰে মৎস্য পালক সকলে। এই বিষাক্ত ৰাসায়নিক সাৰ ভক্ষণ কৰি ওজন আৰু আকাৰ বৃদ্ধি হোৱা মাছ বিক্ৰী কৰি অধিক মুনাফা লাভ কৰি আহিছে মৎস্য পালক সকলে।

কিন্তু এনে মাছ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ৰোগৰ কবলত পৰে ৰাইজ। এই সমূহ মাছ স্বাস্থ্যৰ বাবে বহু ক্ষতিকাৰক। বিশেষকৈ এনে মাছ ভক্ষণ কৰা লোকৰ বায়ু ৰোগ, স্নায়ু ৰোগ, ইউৰিক এছিড বৃদ্ধি হোৱা, যকৃৎৰ ৰোগ, বৃক্কৰ ৰোগ আদি বিভিন্ন ৰোগৰ পাদুৰ্ভাব হৈছে। তদুপৰি এনে ৰাষায়নিক সাৰ ভক্ষন কৰা মাছৰ ফিটাপেলু হয়।

সেই মাছ ভক্ষণ কৰা মানুহৰ দেহলৈকো ফিটাপেলুৰ বিজানু সংক্ৰমিত হয়। একেদৰে নগাঁও জিলাৰ চৰাঞ্চলত বিলাহী পকাবৰ বাবে ইথিফন নামৰ এবিধ বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এই দ্ৰব্য বিধ প্ৰয়োগৰ ফলত নিশাৰ ভিতৰতে কেচা বিলাহী পকী টুলটুলীয়া হয়।কিন্তু মাত্ৰাধিক এনে দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত পকা বিলাহী হানিকাৰক হিচাপে চিহ্নিত হৈছে।শৰীৰলৈ বিলাহীৰ জৰিয়তে এই বিষাক্ত দ্ৰব্যবিধ প্ৰয়োগ কৰাত দুৰাৰোগ্য কৰ্কট ৰোগৰো কাৰণ হৈ পৰে। তদুপৰি ওজন বৃদ্ধিৰ বাবে মুৰ্গীকো এনে বিষাক্ত দ্ৰব্য ভক্ষন কৰায়।

ছাগলীৰো ওজন বৃদ্ধিৰ বাবে নেপথেলিন জাতীয় সামগ্ৰী খুওৱাৰ অভিযোগ উঠিছে।আনহাতে, নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বজাৰ সমূহত মুকলিকৈ এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠিছে অনুজ্ঞাপত্র বিহীন মাছৰ পাইকাৰী ব্যৱসায়ৰ দোকান (মাছৰ কাটা)। এই মাছৰ কাটাৰ পৰাই ব্যৱসায়ীয়ে মুকলি ভাৱে বিক্ৰী কৰি আহিছে মাছ।

উল্লেখ্য যে, এই মাছ সমূহ অসমৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়। বটদ্ৰৱাৰ শান্তিজানত অবৈধ ভাবে গঢ়ি উঠা মাছৰ কাটাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ দুৱাৰমুখৰ পৰিবেশ বিনষ্ট কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে। থানলৈ অহা তীৰ্থ যাত্ৰী সকলে এক কদৰ্যময় পৰিবেশৰ মাজৰে নাকত সোপা দি আহি সাাংবাদিকক অৱগত কৰিছে।

বিগত এবছৰ পূৰ্বে ধিং ৰাাজ চক্ৰ বিষয়াই নিজে আহি এই মাছৰ কাটা সমূহ উচ্চেদৰ জাননী দিছিল যদিও, পৰবৰ্তী সময়ত সি কাৰ্যকৰী নহ'ল। সেয়ে জিলা প্ৰশাসন, খাদ্য সুৰক্ষা বিভাগ, মীন বিভাগ, আদি বিভাগীয় কতৃপক্ষক মাছক খাদ্য হিচাপে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ বিষয়ে আৰু বটদ্ৰৱা থানৰ দুৱাৰমুখত গঢ়়ি উঠা মাছৰ কাটা সমূহৰ বিষয়ে গুৰুত্বসহকাৰে লৈ ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে নগাঁও জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল-সংগঠন আৰু সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in