পৰম্পৰা ৰক্ষা কৰি ননৈ সৰিয়হতলীত ম’হ যুঁজ প্ৰতিযোগিতা…

পৰম্পৰা ৰক্ষা কৰি ননৈ সৰিয়হতলীত ম’হ যুঁজ প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, বঢ়মপুৰ: ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ সৰিয়হতলী পথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় ২০ সংখ্যক ম'হ যুঁজ প্ৰতিযোগিতা । উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্তেও ভোগালীৰ আনন্দ-উলাহ আৰু পৰম্পৰাক আওকাণ কৰিব নোৱাৰি ননৈ সৰিয়হতলী আঞ্চলিক ম'হযুজঁ উদযাপন সমিতিয়ে আনুষ্ঠানিকভাৱে কালিৰ পৰা দুদিনীয়াকৈ ম'হযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

২০০০ চনৰ পৰাই অনুষ্ঠিত কৰি অহা এই ঐতিহাসিক ম'হযুঁজ প্ৰত্যক্ষ কৰাৰ বাবে প্ৰতিযোগিতাস্থলীত হেজাৰ হেজাৰ লোকে ভিৰ কৰে। ম'হযুঁজস্থলীত দুদিনত মুঠ ২৫ হাল গোনা ম'হ মৰণপণ যুজঁত অৱতীৰ্ণ হয় । প্ৰতিযোগিতাত প্ৰথম দিনা পানীখাইতিৰ তমিজুদ্দিন আৰু উৰিয়াগাঁৱৰ মণ্টু শইকীয়াৰ ম'হে যুজঁ দি ৰাইজক আমোদ দিয়ে । দুয়োটা ম'হে ৩৫ মিনিট যুঁজ দিয়ে । এই যুঁজত তমিজুদ্দিনৰ ম'হটো জয়ী হৈ প্ৰথম পুৰস্কাৰ আৰু মণ্টু শইকীয়াৰ ম'হে দ্বিতীয় পুৰস্কাৰ লাভ কৰে ।

এই দুই গোনা ম'হৰ শিঙৰ টাক টাক শব্দ, শিহৰণকাৰী দৃশ্য উপভোগ কৰি ৰাইজ উৎসাহিত হয় । ইপিনে সেইদিনা ম'হযুজঁ প্ৰতিযোগিতাত শ'লমাৰীৰ হিবকুৰ আলীৰ ম'হে তৃতীয় , পানীগাঁৱৰ পোনাকণ শইকীয়াৰ ম'হে চতুৰ্থ আৰু পানীখাইতিৰ ভাইটি আলীৰ ম'হে নিচুকনি বঁটা লাভ কৰে । আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে পোটনি কুমাৰগাঁওৰ পোনা শইকীয়াৰ ম'হে প্ৰথম আৰু কুমাৰগাঁৱৰ বগাই শইকীয়াৰ ম'হে দ্বিতীয় স্থান লাভ কৰে । দুয়োটা ম'হে ৩০ মিনিট সময় যুঁজ দিয়ে ।

ইফালে, পানীখাইতিৰ ৰাজু আলীৰ ম'হে তৃতীয় আৰু বিহৰীগাঁৱৰ ৰূপা শইকীয়াৰ ম'হে চতুৰ্থ পুৰস্কাৰ লাভ কৰে । নিচুকনি বঁটা ৰাঙলুৰ মেহদি আলমৰ ম'হে লাভ কৰিবলৈ সক্ষম হয় । ম'হযুজঁ প্ৰতিযোগিতা খনত বিচাৰকৰ দায়িত্ব পালন কৰে শিক্ষকদ্বয় ক্ৰমে দুটিৰাম শইকীয়া আৰু হৰেন শইকীয়াই । প্ৰতিযোগিতাৰ অন্তত যোগেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ম'হৰ গৰাকীসকলক পুৰস্কৃত কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in