আউনীআটি এডলীয়াবড় শাখা সত্ৰত চোৰৰ লুট

আউনীআটি এডলীয়াবড় শাখা সত্ৰত চোৰৰ লুট

ডিজিটেল সংবাদ, চামগুৰিঃ এতিয়া একপ্ৰকাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ। দেওবাৰে নিশাও নগাঁও জিলাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চোৰে চলালে লুটপাত। পুৱা প্ৰায় ১০মান বজাত নামঘৰীয়া সত্ৰলৈ নামঘৰ চাফাইৰ বাবে আহোতে পোহৰলৈ আহিল সমস্ত ঘটনা।

নগাঁৱৰ ঐতিহাসিক আউনীআটিৰ এড়লীয়াবড় শাখা সত্ৰৰ পৰা চোৰে লুটি নিলে সোণ-ৰূপৰ আ-অলংকাৰ সহ যথেষ্ট সংখ্যক টকা-পইচা। সত্ৰৰ ভকত সকলে চোৰে ১০পাত সোণৰ ফুলি, ৰূপৰ ফুলি ২০পাত, পিতলৰ মূৰ্ত্তি ৫টা, কাহঁৰ দুভাগ বাদ্য অন্যান্য বহু সা-সামগ্ৰীৰ লগতে বহু টকা-পইছা লৈ যায় বুলি জানিবলৈ দিয়ে।

আনহাতে বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰা নাই কোনো তদন্ত।উল্লেখ্য যে, নগাঁৱৰ ঐতিহাসিক এই সত্ৰখনত চোৰৰ চাফাই অভিযানকলৈ স্থানীয় ভকতসকল এতিয়া ক্ষোভিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in