নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী…

নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা জলসম্পদ সংমণ্ডলত সংঘটিত হৈছে মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী৷ ৰহস্যজনকভাবে মথাউৰি নিৰ্মাণৰ কেলেংকাৰীৰ সৰ্ন্দভত তদন্ত হয় যদিও তদন্তৰ প্ৰতিবেদন প্ৰকাশ নোহোৱাৰ লগতে কেলেংকাৰী সংঘটিত কৰা বিষয়া-কৰ্মচাৰীৰ কোনো শাস্তিও নহয় বুলি অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ ১.২৮ কোটি টকাৰ এক কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে, ২০১৭-১৮ বৰ্ষত ১.২৮ কোটি টকা ব্যয়ৰে ১৭৫০মিটাৰ দৈঘ্যৰ মথাউৰি নিৰ্মানৰ বাবে চৰকাৰে ধন আবন্টন দিছিল৷ ব্ৰহ্মপুত্ৰৰ কাষত শিলঘাটত মথাউৰি নিৰ্মানৰ বাবে আহ্বান কৰা নিবিদা মৰ্মে ৬ জন ঠিকাদাৰক কাম আবন্টন দিয়া হৈছিল৷ ঠিকাদাৰ সকলৰ ভিতৰত আছিল সুৰেশ আগৰৱাল, নৃপেন বৰা, ওচমান আহমেদ, প্ৰশান্ত বৰা, আৰিফ আহমেদ আৰু ফিৰুজ আহমেদ৷

প্ৰথম অৱস্থাত ঠিকাদাৰ সকলে ভালদৰে কাম কৰিছিল যদিও পিচলৈ হেমাহি কৰাৰ অভিযোগ উঠে৷ বিশেষকৈ কাম তদাৰক কৰাৰ ক্ষেত্ৰত এছ ডি অ' সূৰজিত ভৰালীয়ে হেমাহি কৰে৷ ঠিকাদাৰক "প্ৰফাইল" নিদিয়াকৈ কামত লগাই হাৰাশাস্তি আৰম্ভ কৰে৷ দৈনিক নতুন নতুন নিৰ্দেশনা দি ঠিকাদাৰক কাম সম্পাদন কৰাত ব্যাঘাত জন্মোৱাৰ অভিযোগো উঠিছে৷ তদুপৰি ঠিকাদাৰে ঠিকা সম্পাদন কৰিবলৈ মৌখিক ভাবে প্ৰাককলন বিচৰাত বিভাগীয় ভাবে সেয়া দিয়া নহয়৷

ৰহস্যজনকভাবে জেষ্ঠ শাখা বিষয়াক কামত নিয়োজিত নকৰি এছ ডি অ' সুৰজিত ভৰালীয়ে মহৰিৰ পৰা পদোন্নতি পোৱা গ্ৰেড- টু সুৰজ শইকীয়াক অকলে১কোটি২৮লাখ টকাৰ বৃহৎ কামটোত নিয়োজিত কৰে৷ এছ ডি আৰ এফ শিতানত পুঁজি ধায্য হোৱা মথাউৰিটোৰকাম ঠিকাদাৰ সকলে ৰহস্যজনকভাবে উপ ঠিকাদাৰৰ দ্বাৰা কৰিবলৈ বাধ্য হয়৷ উপ ঠিকাদাৰৰদ্বাৰা কাম আৰম্ভ কৰাৰ পিছত এছ ডি অ' জনৰ পৰা কোনো নতুন নিৰ্দেশনা নোপোৱা হ'ল ঠিকাদাৰ কেইজনে৷ তাৎপয্যপূ্ৰ্ণভাবে সেই সময়তে কাম সম্পূৰ্ন হোৱা বুলি ঘোষণা কৰা হ'ল৷

বিভাগীয়ভাবে ঠিকাদাৰক মঠাউৰি নিৰ্মানত কেলেংকাৰী সংঘটিত কৰিবলৈ বাধ্য কৰোৱা ঘটনা পোহৰলৈআনে স্থানীয় লোকে৷ মথাউৰিত কলগছ পুতি সবলিকৰণ কৰা দৰে কেলেংকাৰীৰ ঘটনা ৰাইজেপোহৰলৈ আনি জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে৷ এই ঘটনাই তোলপাৰ লগোৱাত নগাঁওজলসম্পদ বিভাগে সেই সময়তে জিলা উপায়ুক্তক ঘটনাস্থলীলৈ নিশা লৈ যোৱাত শিলঘাটতউত্তেজনাৰ সৃষ্টি হয়৷ মথাউৰি নিৰ্মানস্থলিত কোনো তদন্ত নকৰি জিলা উপায়ুক্ত আতৰিআহিবলৈ বাধ্য হয়৷ পৰৱৰ্তী সময়ত বিষয়া সুৰজিত আৰু গ্ৰেড-টু সুৰজে নিজকে জলসম্পদমন্ত্ৰীৰ মানুহ কোনেও একো কৰিব নোৱাৰে বুলি শিলঘাটৰ ৰাইজক হুমকি দিয়াত বিষয়টোমন্ত্ৰী কেশব মহন্তৰ কাণত পৰাত এক উচ্চ পৰ্য্যায়ৰ তদন্ত আৰম্ভ কৰোৱা হয়৷

চৰকাৰীনি্ৰ্দেশ মতে জলসম্পদ বিভাগৰ কিউ চি বিভাগৰ মুখ্য অভিযন্তই তদন্ত আৰম্ভ কৰে৷তদন্তত মঠাউৰি নিৰ্মানত কলগছ ব্যৱহাৰ হোৱাটো উদঘাটন কৰে৷ লগতে ঠিকাদাৰে কাম কৰাৰসময়ত এছ ডি অ' , গ্ৰেড টু কৰ্মচাৰীজনে কৰ্তব্যত হেমাহীকৰাটো ধৰা পেলায়৷ তদন্তৰ সময়ত নগাঁও জলসম্পদ বিভাগে পূৰ্ণ সহযোগ নকৰাৰো অভিযোগ উঠে৷

এনেদৰে মথাউৰি নিৰ্মাৰ কেলেংৰীৰ ঘটনা পোহৰলৈ অহাৰ পিছত তদন্তৰ প্ৰতিবেদন প্ৰায় ডেৰবছৰ কাল গাপ দি ৰখাৰ পিছত শেহতীয়াকৈ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা কাৰ্যালয়েগোপনে ১ কোটি ২৮ লাখ টকা বিল প্ৰস্তত কৰি তুলিছে৷ কৰ্তব্যত গাফিলতি কৰা,  মথাউৰি নিৰ্মানৰ নামত কেলেংকাৰি সংঘটিতকৰা সকলৰ বিৰুদ্ধে বিভাগীয় ভাবে কোনো ব্যৱস্থা নোহোৱাত প্ৰতিক্ৰিয়াশীল চক্ৰটোৱেচাতুয্যৰে হৰলুকি কৰিব বিচাৰিছে এই বৃহৎ পৰিমানৰ ধন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in