নগাঁও কন্দলী পাহাৰত ঐতিহাসিক বাদুলী খোৰোং মেলাত লোকে লোকাৰণ্য

নগাঁও কন্দলী পাহাৰত ঐতিহাসিক বাদুলী খোৰোং মেলাত লোকে লোকাৰণ্য

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ কন্দলী পাহাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ঐতিহাসিক বাদুলী খোৰোং মেলাত অগণন ভক্তৰ সমাগম ঘটিছে। নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয়।ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে এটি বিস্ময় কৰ গুহা। যি জনসমাজত বাদুলী খোৰোং নামেৰে পৰিচিত।

জন বিশ্বাস মতে এই বাদুলী বোৰ মুনিৰ শাপত বন্দী হৈ থকা নাৰী ৰূপী বাদুলীহে। স্থানীয় লোকৰ মতে প্ৰাকবৈষ্ণৱ যুগত কন্দলী ৰাণী প্ৰমীলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই বিস্ময়কৰ শিলৰ গুহাটো আছিল।যিহেতু এই ৰাজ্যত কেৱল নাৰীসকলে বাস কৰিছিল, সেয়ে ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল। এদিন এগৰাকী মুনিয়ে কৌতুহল দমাব নোৱাৰি নাৰী সকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে তাক চাবৰ বাবে গুহাত প্ৰৱেশ কৰোতে গুপ্তচৰৰ হাতত ধৰা পৰে।

ফলত ৰাণী প্ৰমীলাই মুনিক শাস্তি প্ৰদান কৰে। মুনিয়ে এই অপমান কাৰ্যত অগ্নিশৰ্মা হৈ অভিশাপ দিয়ে আৰু লগে লগে নাৰী সকল বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয়। উল্লেখ্য যে, ২০০১ চনত এই বিষয়ে ৰাইজ অৱগত হৈ শিৱৰাত্ৰি পিছদিনাৰ পৰা পালন কৰি আহিছে বাদুলী খোৰোং মেলা। আনহাতে অসম চৰকাৰে এইবাৰ বাদুলী খোৰোঙৰ বাবে লৈছে বিশেষ পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in