দায়ৱদ্ধতাৰ নজিৰবিহীন দৃষ্টান্তঃ শিক্ষাৰ্থীক সদায় হাত নাৱেৰে অনা নিয়া কৰে বিদ্যালয়ৰ প্ৰধানে

দায়ৱদ্ধতাৰ নজিৰবিহীন দৃষ্টান্তঃ শিক্ষাৰ্থীক সদায় হাত নাৱেৰে অনা নিয়া কৰে বিদ্যালয়ৰ প্ৰধানে

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ কামপুৰ ৰাজহচক্ৰ অন্তৰ্গত এখন অনুন্নত গাওঁ পলশা। কামপুৰ নগৰৰ পৰা পূৱলৈ প্ৰায় তিনি কিলোমিটাৰ পথ যোৱাৰ পিছতে পোৱা যায় অসমৰ এখন উল্লেখনীয় ঠাই তেতেলিসৰা। নিশাৰী নৈ পাৰত গঢ়ি উঠা তেতেলিসৰাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ গ'লেই পোৱা যায় পলশা গাওঁ।এই গাঁৱতে ১৯৯০ চনত সেই অঞ্চলৰ ৰাইজে স্থাপন কৰিছিল পলশাবাৰী ললিত নাম মধ্য ইংৰাজী বিদ্যালয়।

ৰাইজৰ উদ্দেশ্য আছিল শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা গাওঁখনত এই বিদ্যালয়খনৰ জৰিয়তে জ্ঞানৰ পোহৰ দিয়া। বিদ্যালয়খনৰ মাটি দান কৰিছিল সেই অঞ্চলৰ সমাজকৰ্মী জিতেন নাথ অাৰু উপেন নাথে তেওঁলোকৰ ভাতৃ ললিত নাথৰ নামাকৰণেৰে। বিদ্যালয় গৃহ নিৰ্মাণ কৰা হৈছিল সেই সময়ৰ সাংসদ প্ৰয়াত নিপেন গোস্বামীৰ সাংসদ পুঁজিৰ লগতে ৰাইজৰ দান-বৰঙণিৰে । বিদ্যালয়ৰ সকলো কাম-কাজ শেষ হোৱাৰ পিছত এটা ডাঙৰ সমস্যাত পৰিছিল ৰাইজ । কাৰণ, নিশাৰীৰ দুয়োপাৰৰ ছাত্ৰ-ছাত্ৰীক লৈ নিৰ্মাণ কৰা হৈছিল এই বিদ্যালয়খন । পশ্চিম পাৰৰ ছাত্ৰ-ছাত্ৰীসকলে ভৰা নিশাৰী পাৰ হৈ বিদ্যালয়লৈ অাহিবলৈ সমস্যাত পৰিছিল ।

এখন সৰু টুলুঙা নাও বিদ্যালয় কৰ্তৃপক্ষলৈ অাগবঢ়াই এই সমস্যা সমাধান কৰিছিল বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুভাষ নাথে । সেইসময়ৰ পৰা অাজিলৈকে বিদ্যালয়লৈ নাৱৰে পাৰ কৰাই অনা হয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক। ১৯৯২ চনত বাবুলাল বিশ্বাসে এই বিদ্যালয়ৰ পৰা অাঁতৰি যোৱাৰ পিছত প্ৰধান শিক্ষক হিচাপে যোগ দিয়ে নগাওঁ বৰক'লা গাঁৱৰ স্নাতক যুৱক তগৰ ডেকাই । তেতিয়াৰ পৰাই অাজিলৈকে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুভাষ নাথৰ লগতে প্ৰধান শিক্ষক তগৰ ডেকাইও ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ নাওত পাৰ কৰি অনা-নিয়াৰ লগতে শিক্ষা প্ৰদান কৰে ।

প্ৰায় ৩০ বছৰ পেটত গামোছা বান্ধি শিক্ষকতা কৰি অহাৰ পিছত ২০১৩ চনত বিদ্যালয়খন চৰকাৰীকৰণ হয় । বিদ্যালয়খন চৰকাৰীকৰণ হ'ল যদিও ছাত্ৰ-ছাত্ৰীৰ যাতায়তৰ সমস্যা অাজিও সমস্যা হৈয়ে থাকিল । অাজিও ছাত্ৰ-ছাত্ৰীয়ে ২৮ বছৰীয়া পুৰণি সেই টুলুঙা নাওখনতে যাতায়ত কৰিব লগা হৈছে ।

বঢ়মপুৰ সমষ্টিৰ নিশাৰী নদীৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মানৰ বাবে কাকতি মিনতি কৰা হৈছিল স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক। কিন্তু অঞ্চলবাসীৰ আহ্বানৰ প্ৰতি তিলমানো গুৰুত্ব নিদিলে বিধায়ক গৰাকীয়ে।অঞ্চলবাসীৰ কাষচাপি নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ ভুৱা প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত নহয় প্ৰতিশ্ৰুতি। আনফালে, বৰ্তমান চৰকাৰে উন্নয়নৰ জয়গান গাই পৰিবৰ্তনৰ কথা ঠিকেই কয়, তথাপিও এখন টুলুঙা নাৱত উঠি বিপদ সংকুলভাৱে এই সকল কণ কণ ছাত্ৰ-ছাত্ৰী যাব লাগে বিদ্যালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in