শেহতীয়া খবৰ
চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে...  •  ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

নগাঁৱৰ প্ৰাক্তন সাংবাদিকৰ মৃত্যু

21

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰাক্তন সাংবাদিক, ফটোগ্ৰাফাৰ তথা পলাশনি নিবাসী মৃদুল কুমাৰ বৰা (৫০) বুধবাৰে পুৱতি নিশা নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উচ্চ ৰক্তচাপজনীত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

বিগত ৮০ দশকৰ এগৰাকী প্ৰতিভাশালী সাংবাদিক মৃদুল কুমাৰ বৰাই বৰ্তমান ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগত কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী আৰু এজন পুত্ৰৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

প্ৰাক্তন সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নগাঁও প্ৰেছ ক্লাৱ, আপকু, নগাঁও জিলা সমিতি, বাৰ্তাজীৱি সংঘ, নগাঁও জিলা সমিতি, নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’ছিয়েচনকে ধৰি বহু সংখ্যক অনুষ্ঠানে শোক ব্যক্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি