নগাঁৱৰ হাতীচোং কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল

নগাঁৱৰ হাতীচোং কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ মঙলবাৰে হৈ যোৱা নিৰ্বাচনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ পাঁচটাকৈ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী আৰু সাতটা পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। মঙলবাৰে কালি ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সভাপতিৰ পদত যশোৱন্ত বৰদলৈ, সাধাৰণ সম্পাদকৰ পদত সীমান্ত বৰা, তৰ্ক সম্পাদকৰ পদত নিতুমণি বৰা, সমাজ সেৱা সম্পাদকৰ পদত আৰবিন চুলতানা আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকাৰ পদত চালমী ছিদ্দিকা বেগম জয়ী হয়।

ইয়াৰ বিপৰীতে আন ৭টা গুৰুত্বপূৰ্ণ পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে সহ সাধাৰণ সম্পাদক পদত দেৱজিৎ দাস, সাংস্কৃতিক সম্পাদক পদত সংকল্প বৰা, গুৰু ক্ৰীড়া সম্পাদক পদত অংকুৰ জ্যোতি ডেকা, লঘু ক্ৰীড়া সম্পাদক পদত দীপাংকৰ বৰা, আলোচনী সম্পাদিকা দীপশিখা বৰা, ছাত্ৰ জীৰণি কোঠাত সম্পাদক বিক্ৰম দাস আৰু দুখীয়া পুঁজি সম্পাদিকা দিক্ষিতা কাকতিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

ইফালে, এই ফলাফলত স্বাভাবিকতেই উৎফুল্লিত হৈ আছুৰ সমৰ্থকসকলে আৰু এবিভিপিৰ সমৰ্থনকাৰীসকলে জয়ী হোৱা প্ৰাৰ্থীসকলক লৈ পৃথকে পৃথকে স্থানীয় অঞ্চলৰ মাজেৰে শোভাযাত্ৰা উলিয়াই আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in