নগাঁওত দুৰ্বৃত্তৰ গুলীচালনা,আহত এগৰাকী যুৱক…

নগাঁওত দুৰ্বৃত্তৰ  গুলীচালনা,আহত এগৰাকী যুৱক…
  • নগাঁৱত দুৰ্বৃত্তৰ গুলীচালনাত গুলীবিদ্ধ যুৱক ।
  • নগাঁৱৰ পলাশনিত নিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ।
  • গুলীবিদ্ধ হৈ আহত হয় ধিঙৰ প্ৰণৱ নাথ নামৰ যুৱকজন ।
  • কৰ্মস্থলী ৰূপহীহাটৰ পৰা নগাঁও চহৰৰ অভিমুখে আহি থাকোতেই পলাশনিত এখন মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই বাট আগচি গুলীচালনা কৰে ।
  • গুলীচালনাৰ ফলত এটা কোম্পানীত কৰ্মৰত যুৱকজনৰ পেটত গুলী লাগে ।
  • বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন গুলীবিদ্ধ যুৱকজন ।
  • আহত যুৱকজনৰ পৰা ধন লুটৰ বাবেই দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ।
  • দুই দুৰ্বৃত্তই মটৰচাইকেল লৈ অনুসৰণ কৰিছিল আহত প্ৰণৱ নাথক ৷
  • নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in