নগাঁৱৰ ডুমডুমীয়াৰ সৰু ৰাধাআটীত ছাত্ৰৰ অকাল মৃত্যুঃ শোকাকুল পৰিবেশ

নগাঁৱৰ ডুমডুমীয়াৰ সৰু ৰাধাআটীত ছাত্ৰৰ অকাল মৃত্যুঃ শোকাকুল পৰিবেশ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৃত্যুও এক শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। মৃত্যু কেতিয়া আৰু কেনেকৈ আহে সেয়া কোনেও নাজানে। কিন্তু সেই মৃত্যু যদি অকাল হয়, সেই মৃত্যু যদি পিতৃ-মাতৃৰ একমাত্ৰ সন্তানৰ হয়, তাতকৈ অসহ্য যন্ত্ৰনা আন একো হব নোৱাৰে। ঠিক এনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ডুমডুমীয়াৰ সৰু ৰাধাআটীত।

একমাত্র পুত্র সন্তানৰ অকাল মৃত্যুত হিয়া ঢাকুৰি কান্দিছে পিতৃ মাতৃয়ে। একমাত্ৰ মৰমৰ পুত্ৰ সন্তানৰ প্ৰাণ ললে বিদ্যালয়ৰ দেৱালে। ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ মঞ্জিৰুল ইছলাম। ছাত্ৰজনৰ ঘৰৰ ওচৰতে আছে এইখন ৰৌমাৰী ৰাধাআটি উমেদ আলী মুক্তাৱ বিদ্যালয়।

বিদ্যালয়খনৰ পুৰনা ভৱন ভাঙি পেলোৱাৰ কাম চলি থকা অৱস্থাত কণমানি ছাত্ৰজন উপস্থিত আছিল বিদ্যালয় খনত। কিন্তু নিয়তি যেতিয়া নিষ্ঠুৰ হয় তাক বাধা দিয়াৰ শক্তি যে কাৰো নাই। এই কণমানি ছাত্ৰ জনৰ ক্ষেত্ৰত তাকেই হল। দুৰ্ভাগ্যজনক ভাবে হঠাৎ বিদ্যালয়ৰ এখন দেৱাল ভাঙি পৰে ছাত্ৰ জনৰ ওপৰত।

গুৰুতৰভাবে আঘাতপ্রাপ্ত ছাত্ৰজনক ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি কৰে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ লগতে ছাত্ৰজনৰ মৃতদেহ মৰোনত্তৰ বাবে প্ৰেৰণ কৰে। ছাত্ৰজনৰ এনে অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in