নগাঁও জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নগাঁও জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ডিজিটেল সংবাদ, নগাঁওঃ অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বুধবাৰে সন্ধ্যা কংগ্ৰেছ দলে নগাঁও জিলা পৰিষদৰ অন্তৰ্গত মুঠ ২৯টা জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ে প্ৰকাশ কৰা চুড়ান্ত প্ৰাৰ্থীৰ তালিকা অনুসৰি হাতিচোং জিলা পৰিষদত কুমকুম মহন্ত, ৰূপহী জিলা পৰিষদত ৰেজিয়া বেগম, গড়াজান জিলা পৰিষদত চেলিম জাবেদ, জুৰীয়া জিলা পৰিষদত চৌদি শ্বিৰিণ, শিঙীয়া জিলা পৰিষদত ফজলুল কৰিম, কাছমাৰী জিলা পৰিষদত লক্ষীমনি বৰদলৈ, ভকতগাঁও জিলা পৰিষদত ওৱাজিউল্লা কবিৰ, পাখিমৰীয়া জিলা পৰিষদত দিপীকা শ‌ইকীয়া, কঠিয়াতলী জিলা পৰিষদত অসীম বৰদলৈ, বামুণী জিলা পৰিষদত অঞ্জু গগৈ, ভোটাই পাথৰি জিলা পৰিষদত গীতাঞ্জলি হাজৰিকা, পুৰণিগুদাম জিলা পৰিষদত সীমাদেৱী বৰা, বাজিয়াগাঁও জিলা পৰিষদত নাছৰিণ ৰেৱাজ, চামগুৰি জিলা পৰিষদত ৰানুমাণি হাজৰিকা, আমবাগান জিলা পৰিষদত মনোৰঞ্জন সিনহা, শিঙিমাৰী জিলা পৰিষদত ৱাহিদ বেগম, পূৱথৰীয়া জিলা পৰিষদত পুষ্প শ‌ইকীয়া, ধৰ শলনা জিলা পৰাষদত সুৰ্দশন সোণা, হাতীয়াল বৰভোগীয়া জিলা পৰিষদত জুৰি হাজৰিকা, ধৰ বাগৰি জিলা পৰিষদত অনিতা গঞ্জু, বাৰপুজীয়া জিলা পৰিষদত প্ৰিয়া নাথ হিৰা, কচুৱা জিলা পৰিষদত ছাইফুল ইছলাম, শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদত ইন্দ্ৰ মোহন দাস, চাপাৰমুখ জিলা পৰিষদত জনাৰ্দন শ‌ইকীয়া, জাগীয়াল জিলা পৰিষদত ধম্বোৰুধৰ শ‌ইকীয়া, জাৰামাৰি আলিটাঙনী জিলা পৰিষদত আবু বক্কৰ ছিদ্দিক, বেচামাৰী জিলা পৰিষদত নৱনিতা আহমেদ, টুকটুকী জিলা পৰিষদত আমিনুৰ হক ফকিৰ আৰু বটদ্ৰৱা জিলা পৰিষদত চামিনা ইয়াছমিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in