পহিলা ব’হাগৰ পুৱা ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত নগাঁও জিলা আইন প্ৰাধিকাৰী

পহিলা ব’হাগৰ পুৱা ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত নগাঁও জিলা আইন প্ৰাধিকাৰী

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমৰ ককা-আইতাৰ মাজত বছৰৰ পহিলা পুৱাতেই উপস্থিত হয় নগাঁৱৰ আইন সেৱা প্ৰাধিকাৰী। ককা-আইতাৰ চৰণ চুই আৰ্শীবাদ ললে আইন আদালতত প্ৰতিদিনে ব্যস্ত থকা এই সকল সমাজ সচেতকে।

আজি মানুহ বিহু। বাপতি সাহোন ৰঙালী বিহুৰ পহিলা ব'হাগৰ দিনটো সাত বিহুৰ মানুহ বিহু হিচাপে পালন কৰে অসমীয়াই ৷বছৰটোৰ সুকলমে যোৱাৰ বাবে জেষ্ঠ্যজনৰ আৰ্শীবাদ লয় কণিষ্ঠ জনে। পুৱাতেই নগাঁৱৰ ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধা শ্ৰমত ব্যতিক্ৰমী ভাৱে উদযাপন কৰা হয় বিহু ৷

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰৰ কৰ্মকৰ্তা সকলে বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী বৃদ্ধাক একোখনকৈ নতুন বস্ত্ৰ আৰু ফুলাম বিহুৱানৰে আদৰণি জনায় আৰ্শীবাদ লোৱাৰ লগতে বৃদ্ধা সকলৰ লগত এপাক বিহু নাচি পালন কৰিলে মানুহ বিহু ৷ নিজ নিজ পুত্ৰ বা পৰিয়ালৰ অত্যাচাৰত ঘৰ এৰি বৃদ্ধাশ্ৰমত থকা এই সকল বৃদ্ধাৰ মাজত এনেদৰে বিহু উদযাপন কৰি বৃদ্ধা সকলৰমনত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰৰ কৰ্মকৰ্তা সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in