চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ নগাঁৱৰ যুৱকৰ মৃত্যু

চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ নগাঁৱৰ যুৱকৰ মৃত্যু

ডিজিটেল ডেস্ক, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্রৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ এজন যুৱকৰ  চেন্নাইত অকাল মৃত্যু  হয়। মৃত যুৱকজন আব্দুল  আহমদৰ পুত্ৰ মাহামাদুল হাচান। জানিব পৰা মতে, চেন্নাইৰ ব্যক্তিগত মালিকানাধীন জোতা নিৰ্মাণ কোম্পানীত কৰ্মৰত  হাচানৰ বৈদ্যুতিক কাটিং মেচিনত কাম কৰি থকা অৱস্থাত বিদুৎস্পৃষ্ট হৈ মৃত্যু হয় ।

উল্লেখ যে, ৮মাহ পূৰ্বে  মাহমাদুল হাচানে লগৰীয়াৰ সৈতে কৰ্মসংস্থানৰ বাবে চেন্নাইৰ ভেল্লুৰলৈ গৈছিল। তাতে যুৱককেইজনে ৰাণীপেট নামৰ ঠাইত 'পাৰ্ফেকশ্যন' নামৰ এক জোতা  নিৰ্মাণ কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি আছিল। ২১ বছৰীয়া হাচানৰ মৃতদেহ জানাজা সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in