বৈকুণ্ঠ প্ৰসাদ নাথৰ বিয়োগ…

বৈকুণ্ঠ প্ৰসাদ নাথৰ বিয়োগ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁও নিৱাসী বৈকুণ্ঠ প্ৰসাদ নাথৰ দেওবাৰে নিশা নিজ বাসগৃহত বিয়োগ হয়। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ চান্দমাৰীস্থিত মুখ্যকাৰ্যালয়ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত নাথ বিগত দুবছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। ভোমোৰাগুৰি গাঁৱৰ সামাজিক সাংস্কৃতিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সমাজ সেৱা আগবঢ়োৱা নাথ ভাওনাৰ এজন সুদক্ষ ভাৱৰীয়া আছিল।

বিশেষকৈ কংস, ৰাৱন, দুৰ্যোধন ভাওত তেওঁ পাৰ্গত আছিল। সৰবৰহী, সংস্কৃতিক কৰ্মী বৈকুণ্ঠ প্ৰসাদ নাথৰ বিয়োগত বটদ্ৰৱা, ভোমোৰাগুৰি অঞ্চলৰ বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত বৈকুণ্ঠ প্ৰসাদ নাথে পত্নী, এজন পুত্ৰ, এগৰাকী জীয়ৰী, মাতৃ, ককাই ভাই সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in