নগাঁৱত পিষ্টলসহ বিজেপি নেতাক গ্ৰেপ্তাৰ

নগাঁৱত পিষ্টলসহ বিজেপি নেতাক গ্ৰেপ্তাৰ
  • নগাঁৱত পিষ্টলসহ গ্ৰেপ্তাৰ বিজেপি নেতাক।
  • ধৃত নেতাজনৰ নাম আতাউৰ ৰহমান।
  • বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পাখিমৰীয়া মণ্ডলৰ সম্পাদক আছিল তেওঁ।
  • ০.২২ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলীও জব্দ।
  • নগাঁৱৰ চাৰিখুঁটিত ঘৰ আতাউৰ ৰহমানৰ।
  • ডিফুৰ গাৰো ৰেজিমেণ্টৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আতাউৰক।
  • বাসগৃহৰ চৌহদৰ পৰা জব্দ কৰে অবৈধ মাৰণাস্ত্ৰ।
  • পূৰ্বতেও ধনদাবী আৰু ডকাইতিৰ গোচৰত অভিযুক্ত আছিল বিজেপি নেতাগৰাকী।
  • বিজেপিৰ বহু হাইপ্ৰফাইল নেতাৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আতাউৰ ৰহমানৰ।
  • গাৰো ৰেজিমেণ্টৰ দলটোৱে নগাঁৱত বাহৰ পাতি শুকুৰবাৰে নিশা নেতাজনক অভিযান চলাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in