নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত…

নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰত্নপুৰ নিৱাসী প্ৰকৃতিপ্ৰেমী ব্যক্তি বিকাশ বৰদলৈয়ে বটদ্রৱা থানলৈ এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ সযতনেৰে কঢ়িয়াই আনে। নিজ বাসগৃহৰ চৌহদত জংঘল চাফা কৰি থাকোতে উদ্ধাৰ কৰি উপযুক্ত সংৰক্ষণৰ চিন্তাৰে বৰদলৈয়ে দেওবাৰে আহি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত আকাশী গংগাত মেলি দিলে এই কাছটো।

যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে প্ৰকৃতিপ্ৰেমী বৰদলৈয়ে বটদ্ৰৱা থানলৈ আহি কাছ সংৰক্ষণ কৰা প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in