চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ

চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতি তথা ঠিকাদাৰৰ দুৰ্নীতি আৰু আওকণীয়া মনোবৃত্তিৰ বাবেই অসমৰ পথ যোগাযোগ ব্যৱস্থা অনুন্নত হৈ থকাৰ অন্যতম উদাহৰণ হ'ল নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজৰ যাতায়তৰ অন্যতম নগাঁও-বটদ্রৱা সংযোগী অতি ব্যস্ত ৰাজ্যিক পথ। শ্রীমন্ত শংকৰদেৱ পথ নামৰ নগাঁও সদৰৰ পৰা বটদ্রৱালৈকে ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি বৰ্তমান চপৰা চপৰে খহি ঠায়ে ঠায়ে প্রকাণ্ড গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে।

সম্প্রতি পথটিৰ হয়বৰগাঁও, হুজগাঁও, গৰৈমাৰী, ৰাইডঙীয়া, ভোমোৰাগুৰি আদি অঞ্চলৰ পথৰ মাজত দ' গাঁতৰ সৃষ্টি হোৱাৰ ফলত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হ'ব ধৰিছে। উল্লেখ্য যে, জিলাখনৰ ভিতৰত আটাইতকৈ ব্যস্ত পথটি বটদ্রৱা, ধিং, লাহৰীঘাট, ৰূপহীহাট আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ প্রায় তিনি শতাধিক গাৱঁৰ লক্ষ লক্ষ ৰাইজৰ যাতায়তৰ মূল পথ। এই পথটিৰে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান শ্রীশ্রী বটদ্রৱা থানলৈ ৰাজ্যৰ উজনি নামনিৰ উপৰিও বহিঃৰাজ্যৰ হেজাৰ হেজাৰ দৰ্শনাৰ্থী তীৰ্থযাত্রী অহা যোৱা কৰাৰ ওপৰিও শাক-পাচলিৰ বাবে বিখ্যাত ডুমডুমীয়া বজাৰ, শান্তিজান বজাৰ, মাছৰ বাবে বিখ্যাত ঐতিহ্যমণ্ডিত কুজিবিলৰ পাৰৰ বৰিবজাৰ, টুকটুকীত বজাৰলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা নিতৌ শ শ সৰু-বৰ বাহন অহা-যোৱা কৰে।

ইয়াৰোপৰি ভুতৰ ওপৰত দানহ পৰাদি এই ১৭ কিলোমিটাৰ পথত অভিলেখ সংখ্যক ২১ টা (ক্ৰুতিপূৰ্ণ)গতিৰোধক আছে। পথচোৱাৰ উন্নীতকৰণৰ জৰিয়তে বৃহত্তৰ অঞ্চলটিৰ ৰাইজ আৰু তীৰ্থযাত্রী সকলৰ যাতায়তৰ উপযোগী কৰি তুলিবৰ বাবে গড়কাপ্তানি বিভাগক বিভিন্ন সময়ত দাবী জনাই আহিছিল যদিও বিভাগীয় অৰ্কমন্যতাৰ ফল আজি ভূগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ পৰা বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্রী সকলে।

ঠাইয়ে ঠাইয়ে সৃষ্টি হোৱা দ গাঁতৰ বাবে হুজগাও, ভোমোৰাগুৰি অদি ঠাইত বহু সংখ্যক বাহন দীৰ্ঘসময় ফচি থাকি অভাৱনীয় যান যঁতৰো সৃষ্টি কৰে। পথচোৱাৰ উন্নীতকৰণৰ জৰিয়তে বৃহত্তৰ অঞ্চটিৰ ৰাইজ আৰু আগন্তুক দৌল মহোৎসৱলৈ আহিবলগীয়া লাখ লাখ তীৰ্থযাত্রীৰ যাতায়তৰ উপযোগী কৰি তুলিবৰ বাবে গড়কাপ্তানি বিভাগক দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা আঞ্চলিক ছাত্র সন্থা, নগাঁও জিলা হিন্দু যুৱ ছাত্র পৰিষদ, নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতিকে কৰি কেইবাটাও দল-সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in