শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

নগাঁৱৰ চকলাঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস উদযাপন…

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ চকলাঘাটত নগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগত আৰু চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱসটি উদযাপন কৰা হয় । চকলাঘাট ৰাস মন্দিৰ প্ৰাঙ্গনত লোক শিল্পী গুণ শইকীয়া সোঁৱৰণী মুকলি মঞ্চত অনুষ্ঠিত হোৱা জ্যোতি দিৱসৰ কাৰ্য্যসূচীত পুৱা পতাকা উত্তোলন, এশ পাঁচ গছি বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণেৰে অনুষ্ঠানৰ শুভাৰাম্ভণি কৰে। এই সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃনালিনী দেৱী।

ইয়াৰ উপৰিও দিনজোৰা কাৰ্য্যাসূচীত নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, ৰূপক শৰ্মা, সুৰজিৎ ভাগৱতী, জীনা ৰাজকুমাৰীকে প্ৰমুখ‍্য কৰি বহু গন্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। জ্যোতি দিৱসৰ লগত সংগতি ৰাখি দীপ্তি দেৱী শৰ্মাৰ “নীড়হাৰা পখীৰ ক্ৰন্দন“ ,“ শুভ্ৰ গিৰিমালাৰ শিখৰে শিখৰে “ আৰু গম্ভীৰ শইকীয়াৰ ৰছিত “কৃষ্ণ শুনি বজোৱাচোন সেই বাঁহীৰ সুৰ “ নামৰ তিনিখন কৈ গ্ৰন্থ উন্মোচিত কৰা হয় ৷