কোৰোনাত আক্ৰান্ত নগাঁৱৰ শংকিত ঘোষ বহিঃৰাজ্যৰ পৰা আহি চহৰৰ এমএ পেলেচত হৈ আছিল কোৱাৰেন্টাইন…

কোৰোনাত আক্ৰান্ত নগাঁৱৰ শংকিত ঘোষ বহিঃৰাজ্যৰ পৰা আহি চহৰৰ  এমএ পেলেচত হৈ আছিল কোৱাৰেন্টাইন…

ডিজিটেল ডেস্কঃ সোমবাৰে কোৰোনাত আক্ৰান্ত হোৱা নগাঁও জিলাৰ এজন লোকৰ নাম শংকিত ঘোষ বুলি জানিব পৰা গৈছে। বহিঃৰাজ্যত থকা লোকজন অসমলৈ ঘূৰি আহিছিল কেইদিনমান পূৰ্বে। তাৰ পাছতে নগাঁৱৰ লোকজনে এখন হোটেলত কোৱাৰেন্টাইন হৈ আছিল।

জলপাইগুৰিত আছিল লোকজন। শংকিতৰ নিজা ঘৰ নগাঁও চহৰৰ শান্তিপুৰত। বৰবজাৰৰ হোটেল এমএ পেলেচত কোৱাৰেন্টাইন হৈ আছিল তেওঁ। ইফালে লোকজন ঘৰলৈ যোৱাৰ পৰিৱৰ্তে হোটেলত থকাৰ বাবে তেওঁৰ ঘৰৰ দাতিকাষৰীয়া লোকসকললৈ কোৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ শংকা কিছু পৰিমাণে কম হয়।

উল্লেখ্য যে, মঙলবাৰৰ সন্ধিয়ালৈকে অসমত কোৰোনাত আক্ৰান্ত হৈছে ১৫৪ গৰাকী লোক। তাৰ বিপৰীতে কেৱল মঙলবাৰেই আক্ৰান্ত হৈছে ৩৯ গৰাকী লোক। অসমত এতিয়ালৈকে আৰোগ্য হৈছে ৪১ গৰাকী লোক। এতিয়াও হাস্পতালত আছে ১০৭ গৰাকী লোক। মৃত্যুৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in