নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীয়ে শনিবাৰে বিয়লি প্ৰায় ২ বজাত এক গোপন সূত্ৰৰ পমখেদি কেঁকো সাপসহ ৯জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই নগাওঁ চহৰৰ ধিং গেটৰ পৰা কেঁকো সাপসহ চোৰাং ব্যৱসায়ী কেইটাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী কেইটা হ'ল – কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষীৰ থানাৰ অন্তৰ্গত মৈচাং গাঁৱৰ ঠেৰাং টেৰণ (২৬), বালিপথাৰৰ ভেৰাং তেৰাং (২৯), নগাঁৱৰ জখলাবন্ধা থানাৰ অন্তৰ্গত শাকমুঠিয়া চাহ বাগিচাৰ দিলিপ টচা (৫০), বামুণীগাঁৱৰ নবি হুচেইন (২৮), কলিয়াবৰ থানাৰ অন্তৰ্গত বামুণী ভেটাবাৰীৰ মইনুল হক (২৭), নুৰ হুছেইন (২৮), ১ নং হাতীগাঁৱৰ মফিজ উদ্দিন (২৭), হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত ১ নং কাকীৰ ছাইদুৰ ৰহমান (২৬), মইনুল হক (৪৪)। ইয়াৰে ভেৰাং তেৰাং শিক্ষক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ৭,০০০ টকা আৰু ৬ টা মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা কেঁকো সাপ আৰু কেঁকো সাপৰ এডাল নেজ জব্দ কৰিবলৈ সক্ষম হৈয়ে। ধৃত লোক কেইজন দীৰ্ঘদিন ধৰি কেঁকো সাপ ব্যৱসায়ৰ লগত জড়িত হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in