কোৰোনাৰ আতংক! নগালেণ্ডৰ মুখ্য সচিবৰ কাৰ্যালয়ে দিলে এই নিৰ্দেশ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ডিমাপুৰঃ সমগ্ৰ বিশ্বতে এতিয়া কোৰোনা ভাইৰাছে সৃষ্টি কৰিছে আতংকৰ। ভাৰতত চৰকাৰে দেশবাসীক সজাগতা আৰু সচেতনতাৰে নিজৰ লগতে নিজৰ পৰিয়ালক এই ভাইৰাছৰ পৰা সুৰক্ষিত ৰখাৰ বাবে আহ্বান জনোৱাৰ লগতে। অত্যাৱশ্যকীয় কোনো কাম নহ'লে ঘৰৰ বাহিৰত ওলাবলৈ মানা কৰিছে। ইতিমধ্যে দিল্লীকে ধৰি ৪খনকৈ ৰাজ্য লক ডাউনো কৰা হৈছে।

ইফালে, নগালেণ্ডত কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা বৰ্তমানৰ পৰিস্থিতিক লৈজাননী জাৰি কৰিছে ৰাজ্যখনৰ মুখ্য সচিবৰ কাৰ্যালয়ে। নগালেণ্ডৰ মুখ্য সচিবৰকাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা জাননীত সৰ্বসাধাৰণ বাটে-পথে ওলোৱা আৰু ৰাজ্যখনৰসীমান্তসমূহ ছীল কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে উল্লেখ কৰা হৈছে যে, অত্যাৱশ্যকীয়সামগ্ৰী ক্ৰয়ৰ বাবে নিজৰ ঘৰৰ পৰা বাহিৰ ওলোৱা লোকসকল, চিকিৎসা সেৱা আৰু আন জৰুৰীসেৱাৰে জড়িত লোকসকলৰ বাহিৰে আন কোনো ব্যক্তি ওলাব নোৱাৰিব ঘৰৰ পৰা।

ফাৰ্মাচী, পেট্ৰ'ল পাম্প, খাদ্য সামগ্ৰী তথা অত্যাৱশ্যকীয় সামগ্ৰী কৰাদোকানসমূহ, সংবাদমাধ্যমৰ কাৰ্যালয়ক বাদ দি আনবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নতুননিৰ্দেশ প্ৰদান নকৰালৈ বন্ধ ৰাখিব লাগিব বুলিও উল্লেখ কৰা হৈছে এই নিৰ্দেশত।

তদুপৰি সকলো বাণিজ্যিক যাত্ৰীবাহী বাহন, ব্যক্তিগত আৰু ৰাজহুৱা যেনে বাছ,টেক্সী, অ'ট', দুচকীয়া বাহন আদিও চলাচল কৰা বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছেৰাজ্যখনৰ চৰকাৰৰ তৰফৰ পৰা। অৱশ্যে আন্তঃৰাজ্যিক পৰিবহনৰ যাত্ৰীবাহী বাহনসমূহ ২৩মাৰ্চৰ নিশা ১২ বজালৈ চলাচল কৰিব পাৰিব।

ইফালে, বহিঃৰাজ্যৰ পৰা নগালেণ্ডলৈ কঢ়িয়াই অনা প্ৰৱেশ পইন্টসমূহত অত্যাৱশ্যকীয়সামগ্ৰী, নিৰাপত্তাবাহিনী, চিকিৎসাৰ সা-সামগ্ৰী, খাদ্য কঢ়িয়াই অনা বাহনসমূহ বাহিৰেআন পথসমূহ ছীল কৰাৰো নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই বাহনসমূহৰ চালকসকলক প্ৰ'ট'ক'লঅনুসৰি স্ক্ৰীনিং কৰা হ'ব।

জাননীখনত লগতে উল্লেখ কৰিছে যে, নতুন কোনো নিৰ্দেশ নিদিয়ালৈ আৰক্ষী থানা, অগ্নিনিৰ্বাপক বাহিনী, গৃহ বিভাগ, চিকিৎসালয়, পোষ্টেল ছাৰ্ভিচ, এন আই চি, এছ ডি এম এ, বেংক, এটিএমৰ বাহিৰে আনবোৰ চৰকাৰী কাৰ্যালয় বন্ধ ৰখা হ'ব। কিন্তু প্ৰয়োজনত চৰকাৰী কাৰ্মচাৰীসকলক কাম কৰিবলৈ মাতি অনাও হ'ব পাৰে বুলি জনোৱা হৈছে। উল্লেখ্য যে, এই নিৰ্দেশ যোনে উলংঘা কৰিব তথা হিংসাত্মক ঘটনা সংঘটিত কৰিব তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি শাস্তি বিহা হ'ব বুলিও উল্লেখ কৰা হৈছে এই জাননীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in