ডিমাপুৰত গঠন হ’ল নাগালেণ্ড ইণ্ডিজেনাছ পিপ’লছ ফৰাম, VIDEO

ডিমাপুৰত গঠন হ’ল নাগালেণ্ড ইণ্ডিজেনাছ পিপ’লছ ফৰাম, VIDEO

ডিজিটেল সংবাদ, বোকাজানঃ শনিবাৰে বিয়লি ডিমাপুৰৰ Don Bosco Schoolত চলা North East Indigenous Peoples Forumৰ সভাত গঠন হ'ল Nagaland Indigenous Peoples Forum। সভাত উপস্থিত আছিল আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গোৱাৰ ৰাজ্যপাল এছ চি জমিৰ, ত্ৰিপুৰাৰ সংগ্ৰমী নেত্ৰী পাতাল জামাতিয়া, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া কে চেমা, প্ৰাক্তন বিধায়ক হলিৰাম তেৰাঙৰ লগতে মিজোৰাম, মণিপুৰ, মেঘালয় আৰু অৰুণাচলৰ প্ৰতিনিধি৷

সভাত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ঐক্য আৰু খিলঞ্জীয়াৰ ওপৰত বৰ্তমান আহি পৰা সমস্যা আদিৰ সন্দৰ্ভত আলোচনা হয়৷ সভাত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডঃ এছ চি জমিৰে আগন্তক ২০-৩০ বছৰত খিলঞ্জীয়াৰ অস্তিত্ব সংকটজনক বুলি কয়। মুক্ত বাণিজ্যিক নীতিৰ লগতে বাহিৰৰ পৰা অহা পুঁজিপতিৰ বাবেও খিলঞ্জীয়াসকল অস্তিত্বৰ সংকটত ভুগিব বুলি কয়। আনহাতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই বিদেশীৰ আগ্ৰাসন খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে বুলি সভাত মন্তব্য কৰে।

ইতিমধ্যে অসমত আছুৰ দৰে শক্তিশালী জাতীয় সংগঠনৰ কাৰ্যালয় ভঙা, অসমৰ বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি ভঙা, গচকা আদি কাম কৰিছে সেই আগ্ৰাসী লোকসকলে আৰু যাৰ বাবে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে এক মঞ্চৰ প্ৰয়োজন অনুভৱ কৰি গঠন কৰা হৈছিল Assam Indigenous Peoples Forumৰ। এই ক্ষেত্ৰত উত্তৰ পূর্বাঞ্চলৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিত হৈ ইয়াৰ বাবে যুজঁ দিব লাগিব বুলি মন্তব্য কৰে আলফাৰ সাধাৰণ সম্পাদক জনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in