নাগালেণ্ডত প্ৰৱল বৃষ্টিপাত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰৰ জলস্তৰ বৃদ্ধি, কাষৰীয়া গাঁৱবাসীক সতৰ্কতা জাৰি…

নাগালেণ্ডত প্ৰৱল বৃষ্টিপাত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ  ৰিজাভাৰৰ জলস্তৰ বৃদ্ধি, কাষৰীয়া গাঁৱবাসীক সতৰ্কতা জাৰি…

ডিজিটেল সংবাদ, ৱাখাঃ শনিবাৰৰে পৰা প্ৰতিবেশী নাগালেণ্ডত প্ৰৱল বৃষ্টিপাত হৈ থকাৰ ফলত ৱাখা জিলাৰ পাংটি সমীপত থকা দৈ‌য়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ আজি বিপজ্জনকভাৱে বৃদ্ধি পাইছে । আজি বিয়লি নাগালেণ্ডৰ ৱাখা জিলাৰ উপায়ুক্ত ড০ মনজিৰ জিলানী সমুনে দৈয়াং প্ৰকল্পৰ জলস্তৰ বৃদ্ধি হোৱা সন্দৰ্ভত সমীপৰ গাঁৱৰবাসীলৈ সতৰ্কতা জাৰি কৰি নদী মাছ মৰা আৰু অন্যান্য কাম নকৰিবলৈ নিৰ্দেশ দিছে।

ৱাখা জিলা প্ৰশাসনে সদৰী কৰামতে যোৱা দুদিন ধৰি ৱাখা, ঝুনহবু'ট আৰু মোককচাঙ জিলাত মূষুলধাৰ আৰু নেৰানেপেৰা প্ৰৱল বৰষুণৰ দিয়াৰ ফলত আজি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰত জমা হোৱা পানীয়ে বিপদসীমাৰ অতিক্ৰম কৰিছে ।

এই বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ লব পাৰে। ইফালে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰৰ পানী এৰি দিয়াৰ ফলত অসমৰ দৈয়াং নদীৰ পানীয়ে গোলাঘাট জিলাত বানপানী সৃষ্টি কৰাৰ সম্ভাৱনা আছে । অৱশ্যে এতিয়ালৈকে নেপকো বা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা গোলাঘাট জিলা প্ৰশাসনলৈ কোনো আনুষ্ঠানিক জাননী জাৰি কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in